অসম

গন্ধকৰৈ ছহিদ কুশল কোঁৱৰ সত্ৰীয়া সংগীত মহাবিদ্যালয়ৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস

Asomiya Pratidin

ডিজিটেল সংবাদ, উৰিয়ামঘাটঃ গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ সৰুপথাৰৰ গন্ধকৰৈত ৩ বছৰ পূৰ্বে গঢ় লৈ উঠিছিল ছহিদ কুশল কোঁৱৰ সত্ৰীয়া সংগীত মহাবিদ্যালয়। সংস্কৃতিৰ যোগেদি মানৱীয় গুণ-কৰ্ষণ মানৱ শৃংখলিত মাধ্যম হিচাপে মানৱ সমাজক নৈতিক-জ্ঞান, নৈতিক চৰিত্ৰ গঠনৰ সহায়ক হোৱাৰ উদ্দেশ্য আগত ৰাখি গঢ় দিছিল উক্ত অনুষ্ঠানটিৰ।

ছহিদ কুশল কোঁৱৰ সত্ৰীয়া সংগীত মহাবিদ্যালয়খনৰ ৰাইজৰ সহযোগত ৩ এপ্ৰিল সোমবাৰে দিনজোৰা কাৰ্যসূচীৰে প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত কৰা হ'ব বুলি স্থায়ী সমিতিৰ সভাপতি পুলিন কোঁৱৰ আৰু সম্পাদক দেউতি গগৈয়ে জানিবলৈ দিছে। কাৰ্যসূচী অনুসৰি পুৱা ধৰ্ম ধ্বজা উত্তোলন আৰু ছহিদ তৰ্পন কৰিব ক্ৰমে ছহিদ কুশল কোঁৱৰ সত্ৰীয়া সংগীত মহাবিদ্যালয়ৰ সভাপতি পুলিন কোঁৱৰ আৰু উদযাপন সমিতিৰ সভাপতি নাৰায়ন শইকীয়াই।

নাম প্ৰসঙ্গৰ পিছতেই সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক নৰেন চুতীয়াৰ সভাপতিত্বত হ'বলগীয়া মুকলি সভা উদ্বোধন কৰিব সাংস্কৃতিক কৰ্মী তৰুণ শৰ্মাই। মুকলি সভাত নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকিব ধনশিৰি মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতী দিনচেংফা বৰুৱা।

মুখ্য অতিথি হিচাপে ধনশিৰি মহকুমাৰ মহকুমা আৰক্ষী বিষয়া ত্ৰিনয়ন ভূঁঞা,সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত শিক্ষক সিদ্ধেশ্বৰ শইকীয়া, অংচা জিলদৈ শ্যাম হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক থানেশ্বৰ গগৈ,শ্ৰীশ্ৰী বাৰেখেলীয়া নামঘৰৰ স্থায়ী সমিতিৰ সভাপতি মুহিৰাম চুতিয়া উপস্থিত থাকিব বুলি উদযাপন সমিতিৰ সম্পাদক মানিক বৰুৱাই জানিবলৈ দিয়ে।

উল্লেখ্য যে সন্ধিয়া প্ৰশান্ত পাচনিৰ পৰিচালনাত মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা অঙ্কীয়া ভাওনা 'ৰাম বিজয়' প্ৰদৰ্শন কৰা হ'ব।