অসম

যোৰহাটৰ ইটাভাটাৰ পৰা ৩০ সন্দেহযুক্ত বাংলাদেশীক আটক

asomiyapratidin

ডিজিটেল সংবাদ, যোৰহাটঃ যোৰহাট জিলাৰ নকছাৰীত দেওবাৰে সদৌ অসম টাই আহোম ছাত্ৰ সন্থাৰ সহযোগত আৰক্ষীয়ে ৩০ জন সন্দেহযুক্ত নাগৰিকক আটক কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে, নকছাৰী ৰতনপুৰৰ দেৱেন দাস নামৰ লোক জনৰ মালিকানাধীন ইটা ভাটাটোত সন্দেহজনক লোককেইজনে বিগত কেইবাদিনো ধৰি শ্ৰমিক ৰূপে আত্মগোপন কৰি আছিল। পিছত এই সম্পৰ্কে আটাছুৰ নকছাৰী আঞ্চলিক সমিতিয়ে জানিব পাৰি দেওবাৰে ইটা ভাটাটোত অভিযান চলাই সন্দেহজনক বিদেশী নাগৰিককেইজনক কৰায়ত্ব কৰে।

ইয়াৰ পিছতে আটাছুৰ কৰ্মকৰ্তাসকলে আৰক্ষীক অৱগত কৰাত আৰক্ষীৰ দল উপস্থিত হৈ লোক কেইজনক চমজি লয়। আটকাধীন সন্দেহযুক্ত বিদেশী নাগৰিক কেইজনে তেওঁলোকৰ ঘৰত মৰিগাঁৱত বুলি কয় যদিও কোনো প্ৰমাণ আৰক্ষীক দেখুৱাবলৈ সক্ষম নহ'ল। ইফালে, লোককেইজন বাংলাদেশৰ নাগৰিকত বুলি সন্দেহ কৰিছে আৰক্ষীয়ে।