অসম

চুপাৰি চুৰিত অভিযুক্ত তিনিজনক জে’ললৈ প্ৰেৰণ….

asomiyapratidin

ডিজিটেল সংবাদ বকোঃ কামৰূপ জিলাৰ বকো থানাৰ আৰক্ষীয়ে পলাশবাৰী থানাৰ বিজয়নগৰত অভিযান চলাই চোৰাং চুপাৰি জব্দ কৰাৰ লগতে তিনিজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল । বৃহস্পতিবাৰে আটকাধীন তিনিওকোজে'ললৈ প্ৰেৰণ কৰা হৈছে । জে'ললৈ প্ৰেৰণ কৰা লোক তিনিগৰাকী হ'ল ক্ৰমে – ছাইফুল ইছলাম (২৫),আব্দুছ চালাম (৩০) আৰু হজৰত আলী (৩৬ )।

ইয়াৰে ছাইফুল ইছলামৰ ঘৰ বকোৰ চাম্পুপাৰা গাঁৱত আৰু আনদুগৰাকীৰ ঘৰ ছয়গাঁৱৰ টুকুৰাপাৰা গাঁৱত । জানিবপৰা মতে বনগাঁৱৰ শিশিৰ বৰ্মন আৰু বিকাশ বৰ্মন নামৰ ব্যৱসায়ী দুগৰাকীৰ ঘৰৰ পৰা চোৰে চুৰি কৰি নিয়া ২৬ কুইণ্টল চুপাৰিৰ ১৭ কুইণ্টল মানহে জব্দ কৰিবলৈ সক্ষম হৈছে যদিও বাকী চুপাৰিখিনিৰ আৰক্ষীয়ে এতিয়ালৈকে সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই। আনহতে ২৬ কুইণ্টলকৈ চুপাৰি নিশা ঘৰৰ পৰা চুৰি কৰি নিয়া কাৰ্যত কেৱল তিনিগৰাকী লোক জড়িত নহয় বুলি শিশিৰ বৰ্মনে দাবী কৰি আৰক্ষীয়ে দৃঢ় পদক্ষেপ গ্ৰহণ কৰিলে চুপাৰি চুৰিত জড়িত আৰু অধিক লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ব বুলি অনুমান কৰিছে ।

উল্লেখযোগ্য যে বকোথানাৰ অন্তৰ্গত বনগাঁৱৰ শিশিৰ বৰ্মন আৰু বিকাশ বৰ্মন নামৰ দুই ভাই-ককাইয়ে যোৱা ১৭ জানুৱাৰীত গোৱালপাৰা জিলাৰ সোমবৰীয়া সপ্তাহিক বজাৰ ধূপধৰাৰ পৰা প্ৰায় দহ লাখ টকাত ২৬ কুইণ্টল চুপাৰি ক্ৰয় কৰি আনি ঘৰত ৰাখিছিল।  কিন্ত ১৮ জানুৱাৰীৰ নিশা চোৰে ব্যৱসায়ী দুগৰাকীৰ ঘৰৰপৰা দুৱাৰ ভাঙি চুপাৰিখিনি চুৰি কৰি নিয়ে। বুধবাৰে বকো আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি পুৱাতে পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত বিজয়নগৰ বজাৰত অভিযান চলাই প্ৰায় ১৭ কুইণ্টল চুপাৰি জব্দ কৰাৰ লগতে চুপাৰিখিনিৰ সৈতে দুগৰাকী লোকক গ্ৰেপ্তাৰ কৰে ।

সেই লোক দুগৰাকীৰ স্বীকাৰোক্তিৰ ভিত্তিত বুধবাৰেই বকো আৰক্ষীয়ে আন এগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । তিনিওগৰাকী লোককে বৃহস্পতিবাৰে বকো  আৰক্ষীয়ে জে'ললৈ প্ৰেৰণ কৰাৰ পিছত ব্যৱসায়ী শিশিৰ বৰ্মন আৰু বিকাশ বৰ্মনে সন্দেহ কৰা মতে দক্ষিণ কামৰূপ অঞ্চলত চুপাৰি চোৰে এক বিশাল নেটৱৰ্ক স্থাপন কৰি লৈছে ।