অসম

দ্বিতীয় স্থান লাভ কৰা চিন্ময়ৰ যোৰহাটৰ বাসগৃহত আনন্দমুখৰ পৰিৱেশ, VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, যোৰহাটঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ২০১৯ত দ্বিতীয় স্থানেৰে যোৰহাটলৈ গৌৰৱ কঢ়িয়ালে চিন্ময় হাজৰিকাই। ডনবস্ক' হাইস্কুল, বাঘচুংৰ ছাত্ৰ চিন্ময় হাজৰিকাই ৫৯৩ নম্বৰেৰে দ্বিতীয় স্থান লাভ কৰে। উল্লেখযোগ্য যে, চিন্ময়ৰ পিতৃৰ নাম ৰূপক হাজৰিকা আৰু মাতৃৰ নাম ৰুলী হাজৰিকা। চিন্ময়ৰ পিতৃ ৰূপক হাজৰিকা এন আৰ এলৰ কৰ্মী।

এই ফলাফল লাভ কৰাৰ পিছতে চিন্ময়ৰ বাসগৃহত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰে। মেধাৱী ছাত্ৰগৰাকীক অভিনন্দন জনাবলৈ পুৱাই ঘৰত যথেষ্ট সংখ্যক লোকৰ আগমণ ঘটে। সৰুৰে পৰাই পঢ়া-শুনাত অত্যন্ত ৰাপ থকা চিন্ময়ে এই সফলতাৰ বাবে শিক্ষক, পিতৃ-মাতৃক ধন্যবাদ জনায়। চিন্ময়েও উচ্চতম মাধ্যমিককত বিজ্ঞান শাখাত অধ্যয়ণ কৰি চিকিৎসক হোৱাৰ মন থকা বুলি জানিবলৈ দিয়ে।