অসম

বকোত ওলাল দ্বিতীয়গৰাকী কোভিড-১৯ত আক্ৰান্ত লোক…

asomiyapratidin

ডিজিটেল সংবাদ, বকো: কামৰূপ জিলাৰ বকোত দ্বিতীয়গৰাকী লোকৰ শৰীৰত মঙলবাৰে কোভিড-১৯ পজিটিভ ওলোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।বকো থানাৰ অন্তৰ্গত বন্দাপাৰাগাঁৱৰ ফনীন্দ্ৰ ৰাভা (৬২) নামৰ লোকগৰাকীৰ শৰীৰত কোভিড-১৯ পজিটিভ ওলোৱাৰ লগে লগে বিয়লি তেওঁৰ বাসগৃহৰ পৰা আৰক্ষী-প্ৰশাসন আৰু চিকিৎসা বিভাগে মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ আইচ'লেশ্যচন কক্ষলৈ নিয়ে।

জানিব পৰা মতে, পশুচিকিৎসালয় বিভাগৰ চতুৰ্থবৰ্গত চাকৰি কৰি অৱসৰ গ্ৰহণ কৰা ফনীন্দ্ৰ ৰাভাই দীৰ্ঘদিন ধৰি ডায়বেটিছ ৰোগত ভোগি আছিল । কোভিড-১৯ত আক্ৰান্ত লোকগৰাকীৰ ডায়বেটিছ ৰোগৰ চিকিৎসাৰ বাবে প্ৰায়ে মিৰ্জাৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ডাঃ ৰাজেন কলিতা নামৰ চিকিৎসকগৰাকীয়ে চিকিৎসা কৰি আছিল । আজিৰ পৰা প্ৰায় ১২দিন আগতে ফনীন্দ্ৰ ৰাভাই চিকিৎসাৰ বাবে মিৰ্জালৈ গৈছিল।

কিন্তু কিছুদিনৰ আগতে জ্বৰ, কাঁহ আদি ৰোগে দেখা দিয়াত যোৱা ২৮মে' ত ৩০খন বিচনাযুক্ত গ্ৰাম্য চিকিৎসালয় কতৃপক্ষই তেজৰ নমুনা সংগ্ৰহ কৰে । সেই তেজৰ নমুনাত মঙলবাৰে কোভিড-১৯ পজিটিভ ফলাফল ওলায়। কোভিড-১৯পজিটিভ ফলাফল ওলোৱাৰ পিছত ফনীন্দ্ৰ ৰাভাক মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ আইচ'লেশ্যন কক্ষলৈ নিয়াৰ লগতে তেওঁৰ পৰিয়ালৰ ৭গৰাকী লোককে হোম কোৱাৰেণ্টাইন কৰে ।

ইয়াৰ উপৰিও পৰিয়ালটোৰ ঘৰৰ পৰা ১০০ মিটাৰ দূৰলৈ প্ৰশাসনে কনণ্টেইনমেন জ'ন হিচাপে ঘোষণা কৰে। উল্লেখযোগ্য যে, যোৱা মাৰ্চ মাহত বকোৰ পুৰাণগাঁৱত নিজামুদ্দিন মাৰ্কাজৰ তবলিক নামাজৰ পৰা অহা মফিজুদ্দিন নামৰ লোকগৰাকীৰ শৰীৰত কোভিড-১৯ পজিটিভ ওলাইছিল। মফিজুদ্দিন কোৰোনাত আক্ৰান্ত বকোৰ প্ৰথমগৰাকী লোক। পিছত অৱশ্যে চিকিৎসালয়ত চিকিৎসা কৰাত মফিজুদ্দিন কোৰোনা মুক্ত হয় ।