অসম

বুধবাৰে অমৰনাথলৈ ৰাওনা হ’ব নলবাৰীৰ ৩৭ গৰাকী ভক্ত…

asomiyapratidin

ডিজিটেল সংবাদ, নলবাৰীঃ নলবাৰীৰ পৰা এটা ৩৭ জনীয়া দলে অহা ২৬ জুনত অমৰনাথলৈ যাত্ৰা কৰিব। এই যাত্ৰাৰ প্ৰাকক্ষণত অমৰনাথ ভোলে সেৱা দলে সোমবাৰে নলবাৰীত বিশ্বশান্তিৰ বাবে এটা ধৰ্মীয় শোভাযাত্ৰা উলিয়ায়।

এই শোভাযাত্ৰা উদ্বোধন কৰে নলবাৰী জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক বসন্ত দাসে। উদ্বোধনী ভাষণ প্ৰসংগত তেওঁ কয় যে- মহাদেৱেই হ'ল পৰম ব্ৰহ্ম।অৰ্থাৎ য'ত জীৱ ত'ত শিৱ।মহাদেৱ নিৰাকাৰ ।সকলোতে পোৱা যায়।ধৰ্মই মানুহক আধ্যাত্মিক ধাৰণা আৰু চেতনাৰে উদ্বুদ্ধ কৰে। তেওঁ অমৰনাথ যাত্ৰীসকলক শুভেচ্ছা জ্ঞাপন কৰি তেওঁলোকৰ যাত্ৰা সফল হোৱাৰ বাবে পৰম ব্ৰহ্মৰ ওচৰত প্ৰাৰ্থনা কৰে।

নলবাৰী অমৰনাথ ভোলে সেৱা দলৰ বিষ্ণু সূত্ৰধৰ আৰু ধৰ্মেশ্বৰ হালৈয়ে জানিবলৈ দিয়ে যে তেওঁলোকৰ ভোলে সেৱা দলৰ ৩৭ গৰাকী ভোলে(যাত্ৰী) এইবেলি ২৬ জুনত অমৰনাথৰ বৰফানি বাবাৰ লিংগ দৰ্শনৰ বাবে যাত্ৰা কৰিব।এইবেলি তেঁওলোকৰ ২৬ সংখ্যক যাত্ৰা।সুদীৰ্ঘ ২৬ বছৰ ধৰি এই ভোলে সেৱা দলে অমৰনাথ যাত্ৰা কৰি আহিছে।

তেওঁলোকে এইবাৰ পেহেলগামেৰে ৩৬ কিলোমিটাৰ দুৰ্গম পথ খোজ কাঢ়ি যাত্ৰা কৰি গৈ অমৰনাথ গুহা দৰ্শন কৰিব।এই উপলক্ষে আজি পুৱা ধৰ্মীয় শোভাযাত্ৰাৰ অন্তত সন্ধিয়া বন্তি প্ৰজ্জ্বলন আৰু আশিস গ্ৰহণ অনুষ্ঠান সম্পন্ন হয়। বন্তি প্ৰজ্জ্বলন কৰে ৰুবুল বৰ্মন , কৈলাস হালৈ আৰু বিজু দত্তই। আশিস প্ৰদান অনুষ্ঠানত কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। নিশা ধৰ্মীয় গীতৰ আধাৰত সাংস্কৃতিক কাৰ্যসূচী ৰূপায়িত কৰা হয়।