অসম

পৰাগ দাস হত্যাকাণ্ডৰ ২৫ বছৰ : কোভিড প্ৰট’কলৰ মাজতে সাহসী সাংবাদিক গৰাকীক স্মৰণ…

asomiyapratidin

ডিজিটেল ডেস্ক : পৰাগ দাসৰ মৃত্যুৰ ২৫ বছৰ পূৰণ হ'ল । ১৯৯৬ চনৰ ১৭ মে'ত দুস্কৃতিকাৰীয়ে গুলীয়াই হত্যা কৰিছিল সাংবাদিক,সম্পাদক তথা বিশিষ্ট মানৱ অধিকাৰ কৰ্মী পৰাগ দাসক । গুৱাহাটী চানমাৰীৰ ৰাজগড় লিংক ৰোডত থকা অসম জাতীয় বিদ্যালয়ত অধ্যয়নৰত পুত্ৰক বিদ্যালয়ৰ পৰা নিবলৈ আহোতে ১৩ টা গুলীৰে থকা সৰকা কৰিছিল তেওঁৰ দেহ ।

শ্বহীদ তথা সাহসী সম্পাদক,সাংবাদিক গৰাকীক তেওঁৰ ২৫ সংখ্যক মৃত্যু বাৰ্ষিকীত স্মৰণ কৰে গুণমুগ্ধ তথা সতীৰ্থ সকলে । পুৱাই তেওঁৰ ৰাজগড়ত থকা শ্বহীদ বেদীত বন্তি প্ৰজ্জ্বলন আৰু মাল্য অৰ্পনেৰে পৰাগ দাসক সোঁৱৰণ কৰে পত্নী পূৰৱী দাস, দুই ভাতৃ ক্ৰমে ডা০ জ্যোতি দাস আৰু পল্লৱ দাসে । পৰিয়ালৰ সৈতে পৰাগ দাসৰ প্ৰতিমুৰ্তিত শ্ৰদ্ধা নিবেদন কৰে মাছৰ নেত্ৰী ললিতা বৰ্মনে ।

বলিষ্ঠ সাংবাদিক গৰাকীৰ মৃত্যু বাৰ্ষিকীত কোভিড প্ৰট'কলৰ বাবে বিশেষ অনুষ্ঠান আয়োজন নকৰিলেও মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ ভাৰপ্ৰাপ্ত সচিব প্ৰধান লক্ষী প্ৰধান, প্ৰাক্তন সচিব প্ৰণৱ চেতিয়াৰ লগতে সতীৰ্থ সকলে তেওঁৰ প্ৰতিমূৰ্তিত মাল্যৰ্পনেৰে শ্ৰদ্ধা নিবেদন কৰে । অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তইও পৰাগ দাসৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন কৰি তেওঁলৈ শ্ৰদ্ধা জ্ঞাপন কৰে ।

প্ৰকাশ মহন্তই কয় যে – পৰাগ দাসৰ হত্যাকাণ্ডৰ আজিও উচিত বিচাৰ নহ'ল । পৰাগ দাসেই নহয় প্ৰায় ৩২ গৰাকী সাংবাদিক অসামাজিক চক্ৰৰ হত্যাৰ বলি হ'ল । ৰাষ্টতন্ত্ৰৰ পৃষ্ঠপোষকতাত পৰাগ দাসৰ হত্যাকাণ্ড সংঘটিত হৈছিল ।

নতুন প্ৰজন্মই শেহতীয়াকৈ পৰাগ দাসৰ নীতি আদৰ্শৰ প্ৰতি আগ্ৰহিত হোৱাতো এক শুভলক্ষণ বুলি মন্তব্য কৰে মহন্তই । তেওঁ উত্থাপন কৰা বিষয় নতুন প্ৰজন্মই আগবঢ়াই নিব লাগিব বুলি আশা ব্যক্ত কৰে জ্যেষ্ঠ সাংবাদিক গৰাকীয়ে ।

উল্লেখযোগ্য যে পৰাগ দাসৰ মৃত্যু বাৰ্ষিকীত ৰাজগড়ত 'মাছ'ৰ নেতৃত্বইও শ্ৰদ্ধা জ্ঞাপন কৰি পৰাগ দাসৰ হত্যাকাৰীক বিচাৰি উলিয়াই এই নতুন চৰকাৰে উচিত ন্যায় প্ৰদানৰ দাবী তোলে । লগতে জাতি আৰু অধিকাৰৰ সংগ্ৰাম খনত পৰাগ দাসৰ আদৰ্শৰে বাট বুলি ইয়াক সফল কৰি তুলিবলৈও আহ্বান জনাই সংগঠনটোৱে ।