অসম

২২ ডিচেম্বৰত মহানগৰীত ‘আছাম কিডছ ছুপাৰ টেলেণ্ট’ প্ৰতিযোগিতা, প্ৰদান কৰা হ’ব ‘চিলড্ৰেন ছুপাৰ টেলেণ্ট এৱাৰ্ড, ২০১৯’

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ মৰমলেণ্ড ৱেলফেয়াৰ ছ'চাইটিৰ উদ্যোগত আৰু গ্ৰীণ আছিয়ানা ৱেলফেয়াৰ ছ'চাইটিৰ সহযোগত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিভা বিকাশৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে। ২২ ডিচেম্বৰ(দেওবাৰ)ত মহানগৰীৰ শ্ৰদ্ধাঞ্জলি কাননত আয়োজন কৰা হৈছে আছাম কিডছ ছুপাৰ টেলেণ্ট প্ৰতিযোগিতা। ইয়াৰ অধীনত অনুষ্ঠিত হ'ব বক্তৃতা আৰু চিত্ৰাংকন প্ৰতিযোগিতা। পঞ্চমৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে মুকলি এই বক্তৃতা প্ৰতিযোগিতাৰ বিষয়সমূহ হ'ল- পথ সুৰক্ষা সজাগতা, অসম পৰ্যটন, পৰিৱেশ আৰু এশিঙীয়া গঁড় সংৰক্ষণ।

আনহাতে চিত্ৰাংকনৰ 'ক' আৰু 'খ' উভয় শাখাৰে বিষয় ছেভ ৰাইন'। ক শাখা পঞ্চম শ্ৰেণীলৈ আৰু খ শাখা ষষ্ঠৰ পৰা দশম শ্ৰেণীলৈ। ইচ্ছুক প্ৰতিযোগীসকলক অহা ১৭ ডিচেম্বৰৰ পূৰ্বে প্ৰতিযোগিতাৰ বাবে নাম পঞ্জীয়ন কৰিবলৈ অনুৰোধ জনোৱা হৈছে। প্ৰতিযোগিতাৰ বাবে প্ৰ-পত্ৰসমূহ মহানগৰীৰ হাতীগাঁও পথৰ ৰাজধানী মছজিদৰ কাষত থকা মৰমলেণ্ডৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।

উল্লেখ্য যে, উক্ত দিনা দিনৰ ২ বজাৰ পৰা শ্ৰদ্ধাঞ্জলি কাননতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত হ'বলগীয়া বঁটা বিতৰণী অনুষ্ঠানত প্ৰতি শাখাৰ ৫ গৰাকীকৈ প্ৰতিযোগীক বঁটা প্ৰদান কৰা হ'ব। বঁটা প্ৰাপকৰ সাক্ষাৎকাৰ ডিজিটেল আৰু ছপা উভয় মাধ্যমতে প্ৰকাশ কৰা হ'ব।

উক্ত অনুষ্ঠানতে ৰাজ্যখনৰ ভিন্ন ক্ষেত্ৰত প্ৰতিভাৰ পৰিচয় দিয়া একাংশ শিশুক প্ৰদান কৰা হ'ব 'চিলড্ৰেন ছুপাৰ টেলেণ্ট এৱাৰ্ড, ২০১৯।'
আগ্ৰহীসকলে সৱিশেষ জানিবলৈ প্ৰতিযোগিতাৰ মূখ্য পৰিকল্পনাকাৰী তথা মৰমলেণ্ড ৱেলফেয়াৰ ছ'চাইটিৰ অধ্যক্ষ মৰম কুমাৰৰ সৈতে ৯৯৫৪২৫৪৬৫৭ নম্বৰত যোগাযোগ কৰিব পাৰে। অনুষ্ঠানটি সফল কৰি তোলাৰ ক্ষেত্ৰত সকলোকে সহায়-সহযোগিতা আগবঢ়াবলৈ মৰমলেণ্ড আৰু গ্ৰীণ আছিয়ানাৰ তৰফৰ পৰা অনুৰোধ জনাইছে।