অসম

বিয়ালৈ গৈ থকা অৱস্থাতে দুৰ্ঘটনাত পতিত হৈ থিতাতে ২ জনৰ মৃত্যু...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ দেওবাৰে ৰঙিয়াৰ ভাতকুছিত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। ২৭নং ৰাষ্ট্রীয় ঘাইপথত দুৰ্ঘটনাত পতিত এখন ছুইফট বাহন। চালকজনে নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলতেই এই দুৰ্ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে এখন বিবাহ অনুষ্ঠানত অংশ ল'বলৈ পৰিয়ালটো মঙলদৈৰ পৰা বৰপেটা অভিমুখে গৈ আছিল আৰু তেতিয়াই এই দুৰ্ঘটনাটো সংঘটিত হয়।

ঘটনাটোত থিতাতে নিহত হয় দুজনকৈ লোক। নিহত শিৱ প্রসাদ বৰুৱা আৰু চন্দ্রমা বৰুৱা বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে। ইয়াৰোপৰি এটি ৪ বছৰীয়া শিশুসহ আন ৪জন গুৰুতৰভাৱে আহত হয়।

আহত সকলক লগে লগে স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ঘটনাটোৱে সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।