অসম

পুনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিল ২ অসম কন্যা, VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, ৰহাঃ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমীয়া সন্তানে খ্যাতি অৰ্জন কৰি থকাৰ ধাৰা অব্যাহত ৰাখি আন দুগৰাকী অসম জীয়াৰীয়ে ৰাজস্থানত অনুষ্ঠিত নেশ্যনেল ৰোড চাইক্লিং চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি সুনাম কঢ়িয়াই আনিছে৷ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অংশগ্ৰহণ কৰি উজলি উঠা জীয়াৰী দুগৰাকী হৈছে ৰহাৰ কটহগুৰিৰ মিহিৰাম বৰদলৈ আৰু ইৰিমনি বৰদলৈৰ কন্যা গংগোত্ৰী বৰদলৈ আৰু গহপুৰৰ চয়নিকা গগৈ।

ৰাজস্থানত ১৩ নবেম্বৰৰ পৰা ১৬নবেম্বৰলৈকে অনুষ্ঠিত নেশ্যনেল ৰোড চাইক্লিং চেম্পিয়নশ্বিপত ১৮ বছৰৰ অনুৰ্ধৰ ৬০কিলমিটাৰৰ মাষ্টাৰ্ডত অসমক প্ৰতিনিধিত্ব কৰি দেশৰ ভিন্ন ৰাজ্যৰ প্ৰতিযোগীক পৰাস্ত কৰি ৰহাৰ কটহগুৰিৰ গংগোত্ৰীয়ে ৰূপৰ পদক জয় কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে, ৰাজ্যবাসীলৈ গৌৰৱ কঢ়িয়াই অনা গংগোত্ৰী ইয়াৰ পূৰ্বেও ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিনিধিত্ব কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছে৷ ভবিষ্যতে এগৰাকী সফল চাইক্লিষ্ট হিচাবে প্ৰতিষ্ঠা লাভ কৰি ৰাজ্যৰ লগতে দেশৰ নাম উজ্বলাবৰ বাবে আশা ৰখা গংগোত্ৰিৰ এই সফলতাত ৰহাবাসী উৎফুল্লিত হৈ পৰিছে। আনহাতে একেটা শাখাতে অংশগ্ৰহণ কৰি গহপুৰৰ চয়নিকা গগৈয়ে সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে৷