অসম

মাৰ্ঘেৰিটাৰ পৰা অৰুণাচললৈ সৰবৰাহৰ যো-জা চলোৱা ১৮ টা গৰুসহ বলেৰ’ পিকআপ গাড়ী জব্দ…

asomiyapratidin

ডিজিটেল সংবাদ মাৰ্ঘেৰিটাঃ নিশা মাৰ্ঘেৰিটা আৰক্ষীয়ে তিনিখন বলেৰ' পিকআপ গাড়ীসহ ১৮ টা গৰু জব্দ কৰে। গৰুকেইটা অবৈধভাৱে অৰুণাচলৰ চাংলাংলৈ সৰবৰাহৰ চেষ্টা কৰিছিল গৰুৰ চোৰাং বেপাৰীয়ে। তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ থানাৰ সমীপৱৰ্তী মছজিদ পট্টিৰ পৰা এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই তিনিখন বলেৰ' পিকআপ গাড়ীসহ ১৮ টা গৰু জব্দ কৰে।

তিনিখন বলেৰ' পিকআপৰ ভিতৰত এজন ড্ৰাইভাৰ আটক হোৱাৰ বিপৰীতে দুজন পলায়ন কৰিবলৈ সক্ষম হয় । ইতিমধ্যে মাৰ্ঘেৰিটা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৱে এ এছ ২৩ বিচি ৮৬৭৪, এ এছ ২৩ চি চি ৭৭০৯ আৰু এ আৰ ১২ ৯০৩০ নম্বৰৰ তিনিখনকৈ মেক্স পিকআপ ভান জব্দ কৰাৰ লগতে ১৮ টাকৈ গৰু জব্দ কৰি নিজৰ জিম্মাত ৰাখিছে।

উল্লেখ্য যে – বৃহস্পতিবাৰে জাগুনত অবৈধ ভাৱে সৰবৰাহৰ চেষ্টা কৰা অৱস্থাত ১০ টা গৰু আৰক্ষীয়ে জব্দ কৰিছিল।