অসম

১৭ মে’ত বিশিষ্ট সাংবাদিক পৰাগ কুমাৰ দাসক সুঁৱৰি ৰাজ্যবাসীয়ে পালন কৰিব শ্বহীদ দিৱস…

asomiyapratidin

ডিজিটেল ডেস্কঃ বিশিষ্ট সাংবাদিক পৰাগ কুমাৰ দাসক হত্যা কৰা হৈছিল ১৯৯৬চনৰ ১৭ মে'ত। তেওঁৰ মৃত্যুৰ দিনটোক শ্বহীদ দিৱস হিচাপে প্ৰতি বছৰে পালন কৰি আহিছে মানৱ অধিকাৰ সংগ্ৰাম সমিতি চমুকৈ মাছে। এই শ্বহীদ দিৱসৰ দিনা ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশিষ্ট সাংবাদিকজনক সোঁৱৰে ৰাজ্যবাসীয়ে।পুত্ৰ ৰোহনক সেইসময়ৰ ৰাজগড়স্থিত জাতীয় বিদ্যালয়ৰ পৰা আনিবলৈ যাওঁতেই আততায়ীৰ ২৩ জাঁই গুলীয়ে প্ৰাণ কাঢ়ি নিছিল পৰাগ কুমাৰ দাসৰ।

শূন্য দূৰত্বৰ পৰা চাৰিজনীয়া দুৰ্বৃত্তৰ দলে বিশিষ্ট সাংবাদিক গৰাকীক আক্ৰমণ কৰাৰ সময়ত আহত হৈছিল পুত্ৰ ৰোহনো। ২৪ ঘণ্টাৰ ভিতৰতে চৰকাৰী পক্ষই দোষীক কৰায়ত্ত কৰাৰ আশ্বাস দিছিল যদিও, সেয়া হৈ নুঠিল। ন্যায়ৰ বাবে আজিও বলিষ্ঠ কণ্ঠৰে চৰকাৰক আহ্বান জনায় তেখেতৰ অজস্ৰ জন গুণমুগ্ধই। সেই উপলক্ষেই শিক্ষাৰ্থী সমাজৰ পৰা সাংবাদিক, সমাজকৰ্মীলৈকে সকলোকেই ১৭ মে'ত শ্বহীদ দিৱসৰ দিনটোত একালৰ জনসাধাৰণৰ সেই প্ৰতিবাদী কণ্ঠক সোঁৱৰে।

প্ৰতিবছৰৰ দৰে এইবৰ্ষৰ ১৯ মে' তাৰিখেও মহানগৰীৰ চানমাৰী-ৰাজগড় পথত পালন কৰা হ'ব এই শ্বহীদ দিৱস। প্ৰয়াত সাংবাদিকগৰাকীৰ মৃত্যুৰ দিনটোত মাছে আয়োজন কৰা শ্বহীদ দিৱসত সংগঠনটোৰ অধ্যক্ষ কেশৱ চন্দ্ৰ চহৰীয়াই শনিবাৰে পুৱা ৭.৪৫ বজাত পতাকা উত্তোলন কৰাৰ পাছত ৮ বজাত শ্বহীদ তৰ্পন অনুষ্ঠান অনুষ্ঠিত হ'ব।

ইফালে, পুৱা ৯.৩০ বজাত পৰাগ কুমাৰ দাসৰ শ্বহীদ বেদীত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পাছতেই দিনৰ ১২.৩০ বজাত আয়োজন কৰা হ'ব আলোচনা চক্ৰৰ। এই আলোচনা চক্ৰৰ আলোচ্য বিষয় সংবাদ মাধ্যমৰ ওপৰত আক্ৰমণ, ৰাষ্ট্ৰৰ দমনমূলক চৰিত্ৰ আৰু নাগৰিক সমাজৰ ভূমিকা। এই আলোচনা চক্ৰৰ আলোচক বৃন্দ হৈছে- বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞা, বিশিষ্ট অধিবক্তা অৰূপ কুমাৰ বৰবৰা আৰু জ্যেষ্ঠ সাংবাদিক পাৰ্থ প্ৰতিম হাজৰিকা। তাৰপাছতেই সন্ধিয়া ৬.৩০ বজাত শ্বহীদ বেদী আৰু মাছৰ কেন্দ্ৰীয় কাৰ্যালয়ত কৰা হ'ব বন্তি প্ৰজ্বলন।