অসম

নগাঁৱৰ ধিং গাঁৱত বন বিভাগৰ অভিযানত সোতৰটাকৈ বনৰীয়া চৰাই উদ্ধাৰ

asomiyapratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলা বন্যপ্ৰাণী সংমণ্ডলৰ অধীনস্থ সুতিৰপাৰ খণ্ড বন বিষয়া শ্বৰিফুল ইছলামৰ নেতৃত্বত সোমবাৰে জুৰীয়া আৰক্ষী থানাৰ অন্তগৰ্ত ধিং গাঁৱত এক অভিযান চলাই সোতৰটাকৈ বনৰীয়া চৰাই উদ্ধাৰ কৰিবলৈ সক্ষম হয়। বিশেষকৈ অক্টোবৰৰ পৰা মাৰ্চ মাহ পৰ্যন্ত নগাঁও জিলা উত্তৰ – পশ্চিম প্ৰান্তৰ জলাশয় বোৰত নানা প্ৰজাতিৰ ৰংচঙীয়া পক্ষীৰ আগমনে এক অনন্য পৰিবেশৰ সৃষ্টি হয়৷ কিন্তু এনেদৰে পৰিভ্ৰমী পক্ষীৰ আগমনৰ লগে লগেই এচাম দুষ্ট চক্ৰই পক্ষীৰ চোৰাং চিকাৰৰ বাবে সক্ৰীয় হৈ পৰে, আৰু নানা কৌশলেৰে পক্ষীবোৰ নিধন কৰি ইয়াৰ ৰমৰমীয়া বেহা চলাই আহিছে।

এক গোপন খবৰৰ ভিত্তিত সোমবাৰে অতৰ্কিতে বন বিভাগে চলোৱা অভিযানত ধিং গাঁৱৰ পৰা সোতৰটাকৈ কাম চৰাই আৰু চিকাৰীয়ে পক্ষী নিধনৰ বাবে ব্যৱহাৰ কৰা সা- সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও বন বিভাগৰ খবৰ পাই অসাধু ব্যৱসায়ী পলাই যাবলৈ সক্ষম হয়।

বন বিভাগৰ এই অভিযানৰ সময়চোৱাত স্থানীয় ৰাইজৰ লগতে তাকীয়া প্লাৱিক ফাউণ্ডেচন নামৰ সেচ্ছাসেৱী সংগঠনৰ কৰ্ম কৰ্তা সকলে সহযোগ কৰে।