অসম

মৰণ ফান্দ নে ৰাষ্ট্ৰীয় ঘাইপথ!মেৰামতিৰ নামত কোটি কোটি টকাৰ লুণ্ঠন…চাওক VIDEO

asomiyapratidin

ডিজিটেল সংবাদ উত্তৰ অসমঃ আপুনি ধেমাজি-লখিমপুৰ বা ইটানগৰলৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যাব বিচাৰে যদি সাৱধান । বিশ্বনাথ চাৰি আলিৰ বিহালীৰপৰা পৰা গহপুৰলৈকে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথে আপোনাক যমৰ যাতনা দিব।

আপুনি আৰু দ্বিতীয়বাৰ সেই পথেৰে‌ কেতিয়াও‌ যাব নিবিচাৰিব । প্ৰায় ৫ পাচঁ বছৰ পূৰ্বে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিশ্বনাথ পৰা গহপুৰ লৈকে চাৰিলেনযুক্ত পথ নিৰ্মাণৰ ঠিকা লাভ কৰিছিল টিকে ইঞ্জিনিয়াৰিং কনষ্টাকচনে।

লেহেমীয়া গতিৰে কাম চলি থকা আৰু পূৰ্বৰ মূল পথ মেৰামতিৰ ঠিকা পোৱা জিকনষ্ট্ৰাকচনে মাজে মাজে টাপলি মাৰি নিজৰ কৰনীয়খিনি সামৰিলে।এতিয়াও বহু ‌কাম বাকী ।যাৰবাবে যমৰ যাতনা ভুগিব লগা হৈছে সাধাৰণ ‌ৰাইজে।