অসম

১১ নৱেম্বৰত গোলাঘাট জিলা সাংবাদিক সংস্থাৰ কাৰ্যনিৰ্বাহক সভা

asomiyapratidin

ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট জিলা সাংবাদিক সংস্থাৰ এখনি কাৰ্যনিৰ্বাহক সভা অহা ১১ নবেম্বৰত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে । গোলাঘাট জিলা সাংবাদিক সংস্থাৰ মুখ্য কাৰ্যালয়ত ১১ নৱেম্বৰ ( দেওবাৰে) দিনৰ ১১ বজাত অনুষ্ঠিত হব এই কাৰ্যনিৰ্বাহক সভা ।

আগন্তুক বৰ্ষটোৰ কৰ্মসূচী যুগুত কৰাৰ লক্ষ্যৰে এখনি মধ্যকালীন প্ৰতিনিধি সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হব এই কাৰ্যনিৰ্বাহক সভাত । জিলা সাংবাদিক সংস্থাৰ মূখ্য উপদেষ্টা মণ্ডলী, সভাপতিকে ধৰি সকলো বিষয়ববীয়া আৰু কাৰ্যনিৰ্বাহক সদস্যক এই সভাত উপস্থিত থাকিবলৈ জিলা সাংবাদিক সংস্থাৰ সাধাৰণ সম্পাদক ৰোহিত গগৈয়ে আহবান জনায় ।