অসম

‘ইলেকছন আহিছে ঐ’- শিল্পী কলা কুশলী সহ বিজেপিলৈ ‘জানমণি’ৰ স্ৰষ্টা বিমান বৰুৱা….

asomiyapratidin

ডিজিটেল ডেস্ক : বিজেপিত যোগদান শিল্পী কলা কুশলী । গায়ক অভিনেতা,সংগীত পৰিচালক,ব্যৱসায়ীকে ধৰি ১১ জনে সোমবাৰে হেঙেৰাবাৰী স্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত সভাপতি ৰনজিৎ দাসৰ উপস্থিতিত বিজেপিত যোগদান কৰে । বিশিষ্ট সংগীত পৰিচালক তথা জানমনিৰ স্ৰষ্টা বিমান বৰুৱাই বিজেপিত যোগদান কৰে।

বিমান বৰুৱাৰ লগতে কণ্ঠশিল্পী কল্লোল বৰঠাকুৰ,সংগীত পৰিচালক জয়ন্ত কুমাৰ শৰ্মা, অভিনেতা বণজিৎ শৰ্মা, অভিনেতা কৌশিক শৰ্মা,সংগীত ব্যৱস্থাপক ভৱজ্যোতি দাস,লোকবাদ্য শিল্পী নিকুঞ্জ মেধী,বাদ্য শিল্পী জগদিশ শৰ্মা,সংগীত শিক্ষক বুলুমনি গোস্বামী ব্যৱসায়ী চিৰঞ্জিৎ বৰপূজাৰী, ক্ষুদ্ৰ ব্যৱসায়ী প্ৰণৱ কুমাৰ মিশ্ৰ যোগদান কৰে বিজেপিত ।