Election 2021

জাগীৰোড সমষ্টিত উষ্ম আদৰনি পিয়ুষ হাজৰিকাক…

asomiyapratidin

ডিজিটেল সংবাদ,মায়ং : ভাৰতীয় জনতা পাৰ্টীৰ পৰা দলীয় টিকট পোৱাৰ পিছত দেওঁবাৰে দিল্লীৰ পৰা আহি গৃহ সমষ্টি জাগীৰোডত উপস্থিত হোৱাৰ লগে লগে যুৱ বিধায়ক পীয়ুষ হাজৰিকাক গামোচা, ফুলৰ মালা, জাপি, আদিৰে উষ্ম আদৰণি জনাই জাগীৰোড বিধানসভা সমষ্টিৰ দলীয় কৰ্মী সমৰ্থক সকলে।

জাগীৰোড যুৱমৰ্চাৰ উদ্দ্যোগত আয়োজিত উষ্ম আদৰণিৰ বাবে সমষ্টিৰ প্ৰাৰ্থী পীয়ুষ হাজৰিকাক প্ৰায় তিনি হাজাৰ খন বাইকেৰে এক বিশাল বাইক ৰেলী উলিয়াই। গুৱাহাটীৰ পৰা আহি টোপাতলিত ৰাইজক দেখা কৰি লগে লগেই সজাই থোৱা এখন বাহনত সন্মুখত পুত্ৰক লৈ আগবাঢ়ে হাজৰিকাৰ বিশাল সমদল। দলৰ কৰ্মকৰ্তা সকলে ৰাষ্ট্ৰীয় ঘাই পথেৰে নেলীলৈ আৰু নেলীৰ পৰা পুনৰ জাগীৰোড বিধানসভা সমষ্টিৰ মূখ্য নিৰ্বাচনী কাৰ্য্যালয়লৈ উভতি অহাৰ কথা।

বাইক ৰেলীৰ সৈতে বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক দলে সহযোগ কৰে।সমগ্ৰ যাত্ৰাপথত প্ৰতি খন বুথ সমিতিৰ সভাপতি, সম্পাদক, সদস্য আৰু কৰ্মী সকলে পীয়ুষ হাজৰিকাক আদৰণি জনাবলৈ ৰৈ থাকে।

ইয়াৰ পিছতেই দলৰ মূখ্য নিৰ্বাচনী কাৰ্য্যালয় শুভ-উদ্ধোধন কৰে। দলৰ সকলো বিষয়ববীয়া, মৰ্চাৰ বিষয়ববীয়া, জন-প্ৰতিনিধি, সদস্য, কৰ্মী সকল উপস্থিত থাকে আজিৰ আদৰণি অনুষ্ঠানত।আজিৰ দলীয় নেতা কৰ্মী ৰ সঁহাৰি দেখি আনন্দত উৎফুল্লিত হৈ পৰে হাজৰিকা।