Election 2021

তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হ’ব ৬৩ নং চাপাগুৰিত : শেষ হাঁহি মাৰিব নেকি ৰাইজৰ দলে !

asomiyapratidin

ডিজিটেল সংবাদ, বাক্সা : বিধানসভাৰ তৃতীয় পৰ্যায়ত অনুষ্ঠিত নিৰ্বাচনক লৈ নামনি অসমৰ প্ৰতিটো সমষ্টিৰ চুকে-কোণে এতিয়া চলিছে ৰাজনৈতিক দলসমূহৰ ব্যাপক প্ৰচাৰ অভিযান ৷ তাৰ ব্যতিক্ৰম নহয় বিটিআৰৰ অন্তৰ্গত বিধানসভা সমষ্টিসমূহো ৷ বিটিআৰৰ বাক্সা জিলাৰ ৬৩ নং চাপাগুৰি বিধানসভা সমষ্টিতো এতিয়া চলিছে প্ৰতিটো ৰাজনৈতিক দলৰ ব্যাপক তৎপৰতা ৷ বাক্সা জিলাৰ উত্তৰ বাস্কা, দক্ষিণ বাস্কা, চাপাগুৰি আৰু কোকিলাবাৰী মৌজাক লৈ গঠিত সমষ্টিটোৰ পৰা ১৯৭৮ চনত প্ৰথম বাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল মানিক চন্দ্ৰ দাসে ৷

ইয়াৰ পিচত বিমল গয়াৰীয়ে ১৯৮৩ চনত, সুৰেন স্বৰ্গীয়াৰীয়ে ১৯৮৫ আৰু ১৯৯১ চনত, জগমোহন বৰকছাৰীয়ে ১৯৯৬ চনত, টিজেন বসুমতাৰীয়ে ২০০১ চনত, থানেশ্বৰ বসুমতাৰীয়ে ২০০৬ চনত, হিতেশ বসুমতাৰীয়ে ২০১১ চনত আৰু থানেশ্বৰ বসুমতাৰীয়ে পুনৰবাৰ ২০১৬ চনত সমষ্টিটোৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈ ৰাইজক সেৱা কৰাৰ সুবিধা লাভ কৰে ৷ ২০০৬ চনৰ পৰা দীৰ্ঘদিন ধৰি বিপিএফৰ দখলত থকা সমষ্টিটোত এইবাৰ নিৰ্বাচনী যুঁজখন ক্ৰমাৎ যথেষ্ট আকৰ্ষণীয় হৈ উঠিছে ৷

চাপাগুৰি সমষ্টিত মুঠ ৬ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে যদিও মূলত: সমষ্টিটোত এইবাৰ তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা দেখা গৈছে ৷ বিপিএফ দলে সমষ্টিটোত দলৰ প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বিপৰীতে বিজেপি-ইউপিপিএল-জিএছপি মিত্ৰজোঁটৰ ফালৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিছে ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ উৰ্খাও গৌৰা ব্ৰহ্মই ৷

ইফালে অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলে পিচপৰা সমষ্টিটোত শক্তিশালী প্ৰাৰ্থীৰূপে থিয় কৰাইছে সমষ্টিটোৰ আটাইকেইগৰাকী প্ৰাৰ্থীৰ ভিতৰতে উচ্চশিক্ষিত প্ৰাৰ্থী বুলি চিহ্নিত হোৱা বাস্কা আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা যুৱ নেতা সুজন দাসক ৷ বিপিএফৰ প্ৰাৰ্থী হিতেশ বসুমতাৰীয়ে ২০১১ চনত ৭০৯৮১ টা ভোট লাভেৰে সমষ্টিটোৰ বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিচত ২০১৬ চনৰ নিৰ্বাচনত নিৰ্দলীয় ৰূপে প্ৰতিদ্বন্দ্বিতা কৰি ২৭৩৪২ টা ভোট লাভ কৰি তৃতীয় স্থানত আছিল ৷

উল্লেখ্য যে হিতেশ বসুমতাৰীয়ে দলীয় বিসম্বাদৰ ফলত বিপিএফ দলৰ পৰা আঁতৰি থকাত ২০১৬ চনৰ নিৰ্বাচনত বিপিএফ দলৰ পৰা থানেশ্বৰ বসুমতাৰী প্ৰাৰ্থিত্ব লাভ কৰি ৪৩২৫০ টা ভোটেৰে সমষ্টিটো দখল কৰাৰ বিপৰীতে নিৰ্দলীয় ৰূপে প্ৰতিদ্বন্দিতা কৰি বৰ্তমানৰ ৰাইজৰ দলৰ প্ৰাৰ্থী সুজন দাসে মাত্ৰ ১৪৮১ টা ভোটৰ ব্যৱধানত পৰাজয় বৰণ কৰিছিল ৷ অনাবড়ো ভোটে এক নিৰ্ণায়ক ভূমিকা পালন কৰা সমষ্টিটোত এইবাৰ অবড়ো সুৰক্ষা সমিতিৰ সমৰ্থনত জোন দাসে প্ৰতিদ্বন্দ্বিতা কৰিছে যদিও বিগত সময়চোৱাত অবড়ো সুৰক্ষা সমিতিৰ নেতৃত্বৰ অন্ত:কন্দল আৰু সাংসদ নৱ কুমাৰ শৰণীয়াই অবড়ো ৰাইজক কৰা প্ৰতাৰণাৰ ফলত বিকল্প হিচাপে গৰিষ্ঠসংখ্যক অনাবড়ো লোকৰ ভোট ৰাইজৰ দলৰ প্ৰাৰ্থী সুজন দাসে লাভ কৰিব বুলি আশা কৰিব পাৰি ৷

আনহাতে বিপিএফৰ দলীয় প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈ ইতিমধ্যে জিলা বিপিএফৰ সভাপতি পদৰ পৰাও পদত্যাগ কৰা বৰ্তমানৰ বিধায়ক থানেশ্বৰ বসুমতাৰীৰ একাংশ সমৰ্থকৰ লগতে দলটোৰ কৰ্মী-সমৰ্থকৰ কিছু ভোটো ৰাইজৰ দলৰ পক্ষে যোৱাৰ সম্ভাৱনা আছে ৷ কিয়নো সদ্যসমাপ্ত বিটিচি নিৰ্বাচনত বৰ্তমানৰ বিপিএফৰ মনোনীত প্ৰাৰ্থী হিতেশ বসুমতাৰীয়ে পৰিষদীয় নিৰ্বাচনৰ দলীয় প্ৰাৰ্থী ৰাজেশ বৰালৰ বিৰুদ্ধাচৰণ কৰি এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীৰ সমৰ্থনত দিনে-নিশাই প্ৰচাৰ কাৰ্যত জড়িত হোৱা দেখা গৈছিল ৷ যাৰ ফলত বিপিএফৰ প্ৰাৰ্থীগৰাকীয়ে পাৰিষদীয় নিৰ্বাচনত পৰাজিত হ'বলগীয়া হৈছিল ৷

যি কথা বিপিএফৰ বহুসংখ্যক সমৰ্থকে এতিয়াও সহজভাৱে মানি ল'ব পৰা নাই ৷ বিপিএফৰ ৰাজনৈতিক বৈৰী দল হিচাপে উক্ত ভোটখিনি ইউপিপিএল দলেও যে লাভ কৰিব তাৰ নিশ্চয়তা নাই ৷ আনহাতে ইউপিপিএল দলে সমষ্টিটোত এইবাৰ ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ উৰ্খাও গৌৰা ব্ৰহ্মক প্ৰাৰ্থিত্ব দিছে যদিও ব্ৰহ্মই এতিয়ালৈকে সমষ্টিটোত ভালদৰে খোঁপনি পুতিবলৈ সক্ষম হোৱা নাই ৷ দলটোৱে স্থানীয় এগৰাকী এবছুৰ প্ৰাক্তন সভাপতি, বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা শিক্ষাবিদ আৰু সামাজিক কাম-কাজত ওতপ্ৰোতভাৱে জড়িত দীপক বসুমতাৰীক প্ৰাৰ্থিত্ব দিব বুলি দলৰ ভিতৰৰ পৰাই ব্যাপক চৰ্চা চলিছিল যদিও মূৰকত তেওঁ প্ৰাৰ্থিত্ব লাভ নকৰিলে ৷

ইউ জি ব্ৰহ্মই সমষ্টিটোৰ বাহিৰৰ ব্যক্তি হোৱাৰ লগতে দলীয় প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱা দীপক বসুমতাৰীৰ সমৰ্থকসকলৰ উপৰিও দলটোৰ একাংশ কৰ্মী-সমৰ্থক নাৰাজ হোৱা হেতুকে সামগ্ৰিকভাৱে গ্ৰহণযোগ্য দল হিচাপে তেওঁলোকে ৰাইজৰ দলকে পচন্দ কৰা বুলি চৰ্চা চলিছে ৷ ইফালে ইউ জি ব্ৰহ্মক ইউপিপিএল-বিজেপি-জিএছপি মিত্ৰজোঁটৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে যদিও বিজেপি দলৰো গৰিষ্ঠসংখ্যক কৰ্মী-সমৰ্থকেই ব্ৰহ্মক ভোট প্ৰদান নকৰিব বুলি বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে ৷

মূলত: ইয়াৰ কাৰণ হিচাপে বিবেচিত হৈছে জিলাখনত থকা তিনিটা সমষ্টিতে বিজেপিয়ে সাংগঠনিক ভেঁটি মজবুত কৰিছিল যদিও মূৰকত এটাও সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান নকৰাটো ৷ দীৰ্ঘদিন ধৰি চাপাগুৰিৰ দলীয় কৰ্মীসকলেও সমষ্টিটোত এগৰাকী বিজেপি প্ৰাৰ্থী প্ৰক্ষেপ কৰিবলৈ নেতৃত্বক দাবী জনাই আহিছিল যদিও দলীয় নেতৃত্বই তৃণমূল কৰ্মী সকলৰ কথালৈ কোনো গুৰুত্ব নিদি সমষ্টিটো ইউপিপিএলক এৰি দিয়াৰ ফলত মিত্ৰজোঁটৰ মাজত এতিয়া ভোট বিভাজনৰ সম্ভাৱনা দেখা গৈছে ৷ যাৰ ফলত চাপাগুৰি সমষ্টিৰ বহু সংখ্যক বিজেপিৰ দলীয় কৰ্মী-সমৰ্থকে বিকল্প হিচাপে ৰাইজৰ দলকে গোপনে সমৰ্থন কৰিব বুলি জানিব পৰা গৈছে ৷ যোৱা ১৫ বছৰে সমাধান নোহোৱা সমষ্টি তথা বিটিচিবাসীৰ মূল সমস্যাসমূহ সদনত বলিষ্ঠভাৱে উত্থাপন কৰাৰ প্ৰতিশ্ৰুতিৰে নিৰ্বাচনত নমা ৰাইজৰ দলৰ প্ৰাৰ্থী তথা নিকা ভাৱমূৰ্তিৰ বুলি জনমানসত পৰিচিত সুজন দাসৰ প্ৰাৰ্থিত্বই যে বিপিএফ আৰু ইউপিপিএলৰ ৰাজনৈতিক সমীকৰণত এক আউল লগাব ই ধুৰূপ্ ।