Election 2021

বিশ্বনাথত কংগ্ৰেছৰ মন পছন্দৰ প্ৰাৰ্থীক হাজাৰ হাজাৰ লোকৰ আদৰণি…

asomiyapratidin

ডিজিটেল সংবাদ, বিশ্বনাথ : জন সমুদ্ৰত পৰিণত হ'ল বিশ্বনাথৰ ৰাজপথ। দেওবাৰে পুৱাৰ ভাগৰ পৰাই বিশ্বনাথ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী অঞ্জন বৰাক আদৰিবলৈ অপেক্ষা কৰি আছিল হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মী সমৰ্থক।বিয়লিৰ ভাগলৈ গুৱাহাটীৰ পৰা গৃহ অভিমুখী অঞ্জন বৰাক চতিয়াৰ নাগশংকৰৰ পৰাই কেইবাশতাধিক বাইক আৰু গাড়ীৰে সমদল কৰি জিন্দাবাদ ধ্বনি দি বিশ্বনাথলৈ আদৰি আনে।

বিশ্বনাথ বিধান সভা সমষ্টিৰ চতিয়াৰ নতুন চেণ্টাৰ, পুৰণা চেণ্টাৰ, প্ৰতাপগড় সাকোমঠা আদি অঞ্চলৰ উৎসাহী সমৰ্থকৰ আদৰণীৰ মাজতে গীৰ্জা, মঠ মন্দিৰ, মছজিদ সমূহত প্ৰবেশ কৰি আশীৰ্বাদ লয় কংগ্ৰেছ প্ৰাৰ্থী অঞ্জন বৰাই। নাগশংকৰৰ পৰা বিশ্বনাথৰ এই সুদীৰ্ঘ পথছোৱাত হাজাৰ হাজাৰ কৰ্মী সমৰ্থকে নিশা পৰ্যন্ত প্ৰিয় নেতা গৰাকীক আদৰিবলৈ অপেক্ষা কৰি থকাও পৰিলক্ষিত হয়।

উল্লেখ্য যে প্ৰায় ত্ৰিশ বছৰৰ মুৰত বিশ্বনাথত কংগ্ৰেছৰ নতুন প্ৰাৰ্থী আগমনৰ বাবে কংগ্ৰেছী মহলত ব্যপক উৎসাহ দেখা পোৱা যায়।আজি বিশেষকৈ বিশ্বনাথৰ যুৱ প্ৰজন্মৰ বহু প্ৰতিনিধিয়ে কংগ্ৰেছৰ আদৰণী সমদলত যোগদান কৰি এক জনসমূদ্ৰৰ সৃষ্টি কৰে।আনহাতে এই সমদলৰ বাবে বিশ্বনাথৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত দীৰ্ঘ সময় বাবে যান জটৰ সৃষ্টি হয়। বিশ্বনাথত আজি কংগ্ৰেছ দলৰ প্ৰাৰ্থী অঞ্জন বৰাৰ বিশাল আদৰণীয়ে বিশ্বনাথৰ লগতে সমগ্ৰ ৰাজ্যৰ কংগ্ৰেছ দলত এক প্ৰভাব পেলাব বুলি অনুমান কৰা হৈছে।