Election 2021

দুধনৈত বিজেপি মিত্ৰ জোঁটৰ প্ৰাৰ্থী ৰপে ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰক্ষেপিত প্ৰাৰ্থী শ্যামজিৎ ৰাভা…

asomiyapratidin

ডিজিটেল সংবাদ,দুধনৈ : দুধনৈত বিজেপিৰ মিত্ৰজোটৰ অংশীদাৰ ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী ঘোষণা ৷ ৩৬ নং দুধনৈ(জনজাতি) বিধান সভা সমষ্টিত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ নিখিল ৰাভা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শ্যামজিৎ ৰাভাক ৷ শ্যামজিৎ ৰাভাই বিজেপিৰ প্ৰতীকত খেলিব নিৰ্বাচন ৷

দুধনৈত সংবাদ মেলত ঘোষণা ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাৰ ৷ ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ অন্তৰ্গত দ'ল- সংগঠনৰ দ্বাৰা গঠিত প্ৰাৰ্থী বাচনি কমিটীৰ সিদ্ধান্তৰ দ্বাৰা শ্যামজিৎ ৰাভাক মননীত ৷ পূৰ্বৰ বিধায়ক দীপক কুমাৰ ৰাভাক প্ৰাৰ্থীত্ব কৰ্তন কৰি শ্যামজিৎ ৰাভাক প্ৰাৰ্থীত্ব প্ৰদান ৷ নাম ঘোষণাৰ পিছতে নতুন প্ৰাৰ্থীক লৈ উৎফুল্লিত হৈ পৰে সমৰ্থক সকল ৷ আনহাতে পুৰ্বৰ বিধায়কৰ টিকট কৰ্তন হোৱাক লৈ এফালে বিজেপিৰ কৰ্মী-সমৰ্থকৰ মাজত দেখা গৈছে ক্ষোভৰ উদগীৰণ |