Election 2021

মঙলদৈত ভাৰতীয় জনতা পাৰ্টিয়ে মুকলি কৰিলে দলীয় ইস্তাহাৰ…

asomiyapratidin

ডিজিটেল সংবাদ,মঙলদৈ : বৃহস্পতিবাৰে মঙলদৈ প্ৰেছ ক্লাবত ভাৰতীয় জনতা পাৰ্টীয়ে এক সংবাদ মেলৰ জৰিয়তে ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত মঙলদৈত জিলা ভিত্তিত মুকলি কৰে। এই ইস্তাহাৰত জাতীয়ত চিন্তা ধাৰাৰ প্ৰতি লক্ষ্য ৰাখি দহটা সংকল্প ভাৰতীয় পাৰ্টীয়ে লৈছে ।সংকল্প পত্ৰত প্ৰথমে অসমৰ জনগণক বানৰ বিভীষিকাৰ পৰা মুক্ত কৰাৰ বাবে এক উচ্চস্তৰীয় কমিটিৰ জৰিয়তে কাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।


দ্বিতীয়তে অৰুণোদয় আঁচনিৰ জৰিয়তে মাহিলি ৰাশি তিনি হাজাৰ টকা পৰ্যন্ত বৃদ্ধিৰ জৰিয়তে অসমৰ মহিলা সকলক শক্তিশালী কৰি তোলা।তৃতীয় নামঘৰ সুদৃঢ় কৰণ আৰু সত্ৰৰ অধিকাৰ সুৰক্ষা। সকলো ধৰ্মীয় অনুষ্ঠানতে আঢ়ৈ লাখ টকা প্ৰদান কৰিবলৈ ইস্তাহাৰত প্ৰকাশ কৰে। চতুৰ্থতে অসমৰ শিশুসকলৰ এক উজ্জ্বল ভবিষ্যত নিশ্চিত কৰি তোলাৰ লক্ষৰে স্নাতক পৰ্যায়লৈ বিনামূলীয়া শিক্ষা প্ৰদান কৰা।পঞ্চমতে সংশোধিত এন আৰ চি ৰ জড়িয়তে অসমৰ অধিকাৰ সুৰক্ষিত কৰি তোলাৰ বাবেও ইস্তাহাৰত ঘোষনা কৰে ।


ষষ্ঠত মতে সমষ্টিৰ সীমা নিৰ্ধাৰণ যোগেদি অসমৰ ৰাজনৈতিক অধিকাৰক সুৰক্ষা প্ৰদান কৰাৰ কথা প্ৰকাশ কৰে ।সপ্তমতে অত্যাৱশকীয় সামগ্ৰীৰ উৎপাদনেৰে অসমক আত্ম নিৰ্ভৰশীল কৰি তোলা কথা প্ৰকাশ কৰে।অষ্টমত অসমক ভাৰতৰ ভিতৰত দ্ৰুত কৰ্ম সংস্থাপন প্ৰদানকাৰী ৰাজ্য হিচাপে গঢ়ি তোলাৰ লক্ষ্য ইস্তাহাৰত প্ৰকাশ কৰে।নৱমতে অসমক ভাৰতৰ ভিতৰত আটাইতকৈ উদ্যমিতা সমৃদ্ধ ৰাজ্য হিচাপে গঢ়ি তোলা ঘোষণা ইস্তাহাৰত প্ৰকাশ কৰে।লগতে অসমৰ নাগৰিক সকলক ভূমি অধিকাৰ প্ৰদানেৰে সবল কৰি তোলাৰ কথা এই ইস্তাহাৰত প্ৰকাশ কৰে

এই সংবাদ মেলত ভাৰতীয় জনতা পাৰ্টিৰ মঙলদৈ সমষ্টিৰ প্ৰভাৰী চৌহান পাল সিং,ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক উপ সভাপতি সপ্ননীল বৰুৱা, ভাৰতীয় জনতা পাৰ্টিৰ দৰং জিলাৰ উপ সভাপতি দ্বয় শেৱালী গোস্বামী, আৰু প্ৰতাপ বৰদলৈ উপস্থিত থাকে ৷