Election 2021

লামডিঙত পথযাত্ৰাৰে নিৰ্বাচনী প্ৰচাৰ কংগ্ৰেছ প্ৰাৰ্থী স্বপন ক’ৰৰ

asomiyapratidin

ডিজিটেল সংবাদ,লামডিংঃ ৰাজ্যত নিৰ্বাচনী গৰম বতাহ । নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজনৈতিক দলৰ মনোনীত প্ৰাৰ্থীৰ লগতে সমৰ্থক সকলো ব্যস্ত নিৰ্বাচনী প্ৰচাৰত । তাৰ সমান্তৰালভাৱে বুধবাৰে বিজেপিৰ লামডিং সমষ্টিৰ মনোনীত প্ৰাৰ্থী শিবু মিশ্ৰৰ প্ৰত্যাহ্বান জনাই কংগ্ৰেছৰ প্ৰাৰ্থী স্বপন ক'ৰে ।

হোজাই জিলাৰ লামডিং চহৰত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত লামডিং সমষ্টিৰ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী স্বপন ক'ৰ । লামডিঙৰ বজাৰত প্ৰায় ৫০০ সমৰ্থক সহ চি পি এমৰ নেতাক লৈ স্বপন ক'ৰে পদ যাত্ৰাৰে নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখে। বজাৰৰ প্ৰতিখন সৰু-বৰ ব্যৱসায় -প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীৰ লগত স্বপন ক'ৰে মতবিনিময় কৰাৰ লগতে আগন্তুক বিধানসভা নিৰ্বাচনত লামডিং সমষ্টিৰ পৰা স্বপন ক'ৰক ভোট দি জয়যুক্ত কৰিবলৈ ব্যৱসায়ী সকলক আহ্বান জনায় ।।

প্ৰাৰ্থী স্বপন ক'ৰৰ মতে, শান্তিৰ বাবে লামডিঙৰ ৰাইজে এইবাৰ কংগ্ৰেছ দলক বিচাৰে। সেয়েহে লামডিঙত এইবাৰ কংগ্ৰেছ দলৰ জয় হোৱা নিশ্চিত বুলি মন্তব্য কৰে প্ৰাৰ্থীগৰাকীয়ে ৷ পদ যাত্ৰাত স্বপন ক'ৰক কণ কণ শিশুৱে নিজে জমাই ৰখা ধনৰ টোপোলা নিৰ্বাচন খেলিবৰ বাবে আৰ্থিক সাহায্য দিয়াও পৰিলক্ষিত হয় ।