Election 2021

বিহালীত হিমন্তই কৰা তুচ্ছ মন্তব্যৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া চি পি আই (এম এল) দলৰ নেতা বিবেক দাসৰ…

asomiyapratidin

ডিজিটেল সংবাদ, বিহালী : বিহালীত মন্ত্ৰী হিমন্ত বিশ্বই কৰা মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া মহাজোঁট বন্ধনৰ প্ৰাৰ্থী তথা চি পি আই ( এম এল ) ৰ নেতা বিবেক দাসৰ ৷ যোৱাকালি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিহালীৰ বিধায়ক তথা মন্ত্ৰী ৰঞ্জিত দত্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি মহাজোঁট সন্দৰ্ভত মহাজট বুলি মন্তব্য কৰাৰ লগতে মহাজোঁটৰ অংশীদাৰ চি পি আই এম এম এল দলক "ভাতেৰে খাই নে শাকেৰে খাই, দলটোৰ নামটো আগতে কেতিয়াও শুনা নাই, বিহালীলৈ আহি দলটোৰ নাম শুনি মই পাগলা হৈ গৈছো ৷

চি পি আই (এম এল) বা চি পি আই দল এইবোৰ আজমলৰ দালাল আদি তুচ্ছ মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে৷
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ পাছতে মন্ত্ৰী জনাৰ ডক্টৰেট ডিগ্ৰীৰ ওপৰতো সন্দেহ আছে ৷ আমাৰ বিষয়ে নজনাটো তেখেতৰ অজ্ঞাতৰ পৰিচয় ৷ যদি আমাৰ দলৰ নাম শুনিয়েই তেওঁ পাগলা অৰ্থাৎ মানসিক ৰোগী হৈ গৈছে তেন্তে নিৰ্বাচনত আমি জয়ী হোৱাৰ পাছত মন্ত্ৰী হিমন্তক এইবাৰ মানসিক চিকিৎসালয়ত ভৰ্তি কৰাব লাগিব ৷ তেখেতে নাজানে বিহালীৰ ইতিহাস ৷

কেৱল চি পি আই (এম এল) নহয় তেখেতে বিহালীবাসীক অপমান কৰিছে ৷ চি পি আই (এম এল) দলৰ বিহালীতে নহয় দেশতে এক সুকীয়া স্থান আছে লগতে বিহালী সমষ্টিত আছে গুৰুত্বপূৰ্ণ অৱদান ৷ বিগত কেইবাটাও দশকত বিহালীৰ সৰু বৰ সকলো সমস্যাক লৈ চিপিআই (এম এল) দলে ৰাইজৰ হৈ প্ৰতিনিধিত্ব কৰি ৰাজ্যত নিজা পৰিচয় দাঙি ধৰিছে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিবেক দাসে ৷ বিহালীৰ চাউলধোৱা কাণ্ডৰ পাছত চি পি আই (এম এল) দলৰ নেতৃত্বতে বিহালীত অসম সীমান্ত অৰুণাচলী আগ্ৰাসন কাৰীৰ পৰা ৰক্ষাৰ স্বাৰ্থত এক ৰাজ্য কঁপোৱা আন্দোলন চলিছিল যাৰ বাবেই সীমান্তত কেইবাটিও বন শিবিৰ স্থাপন কৰি সীমাৰ এই বিবাদৰ বিৰুদ্ধে আজিও চৰকাৰে অভিযান অব্যাহত ৰাখিছে ৷

সেই সময়ত কি মন্ত্ৰী হিমন্ত কুম্ভকৰ্ণৰ নিদ্ৰাত নিমগ্ন আছিল বুলিও মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ তীৰ্যক প্ৰশ্নবাণ নিক্ষেপ কৰে সাংবাদিকৰ সন্মুখত ৷ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আবোলতাবোল বলকি থকা এজন ব্যক্তি চি পি আই (এম এল) দল যদি আজমলৰ দালাল তেন্তে তেওঁ কাৰ দালাল ৷ তেওঁ আদানী আম্বাণীৰ এজন প্ৰতিষ্ঠিত দালাল বুলি মন্তব্য কৰে দাসে ৷