Election 2021

বোকাখাতত বিপুল ভোটেৰে পুণৰ গাদী দখল অতুল বৰাৰ…

asomiyapratidin

ডিজিটেল সংবাদ,বোকাখাত : দেওবাৰে বোকাখাত মহকুমাধিপতি কাৰ্যালয়ত হোৱা ভোট গণনাত
বোকাখাতত দ্বিতীয় বাৰৰ বাবে বৃহৎ ভোটৰ ব্যৱধানত জয়ী হ'ল অগপ সভাপতি অতুল বৰা। মুঠ ষোল্লটা ৰাউণ্ডত হোৱা ভোট গণনাৰ অন্তত অতুল বৰাই লাভ কৰে ৭২৯৩০ টা ভোট, ইয়াৰে ৮৬৩টা আছিল পোষ্টেল ভোট।

দ্বিতীয় স্থানত থকা নিকটতম প্ৰতিদ্বন্দী কংগ্ৰেছ মহাজোঁটৰ আঞ্চলিক গণমৰ্চা সমৰ্থীত প্ৰাৰ্থী প্ৰণৱ দলেয়ে লাভ কৰে ৩৪৪ টা পোষ্টেল ভোটসহ ২৭৭৪৯ টা ভোট অৰ্থাৎ ৪৫১৮১টা ভোটৰ ব্যৱধানত জয় লাভ কৰে অগপ সভাপতি অতুল বৰাই।

আনহাতে তৃতীয় স্থানত থকা নিৰ্দলীয় প্ৰাৰ্থী তথা দুবাৰকৈ বোকাখাতত বিধায়কৰ গাদী দখল কৰা জীতেন গগৈয়ে লাভ কৰে ৫৫৫০টা ভোট ।উল্লেখযোগ্য যে, শিক্ষকতাৰ পৰা স্বেচ্ছামুলক অবসৰ গ্ৰহন কৰি নিৰ্বাচনত ৰাইজৰ দলৰ প্ৰাৰ্থী হিছাপে বোকাখাত বিধান সভা সমষ্টিত প্ৰতিদ্বন্দীতা আগবঢ়োৱা জীৱন চন্দ্ৰ বৰাই লাভ কৰে ৩৩৬০ টা ভোট।

ইফালে প্ৰাক্তন বিধায়ক জিতেন গগৈৰ ভাতৃ তথা অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী ৰেৱকান্ত গগৈয়ে ২৩৩৪টা, নিৰ্দলীয় প্ৰাৰ্থী চাইমন তাঁতীয়ে ৬৪৯ টা, দিনেশ কৰ্মকাৰে ৯২১টা, আৰ.টি.আই. কৰ্মী দুলাল বৰাই ১৫৪৫টা, বিজয় কুটুমে ৯৮৪টা,হেমন্ত দলৈয়ে ৯৩৩টা আৰু এন.চি.পিৰ প্ৰাৰ্থী মৃদুল শইকীয়াই লাভ কৰে ৯৮৬ টা ভোট।উল্লেখযোগ্য যে, এইবাৰ বিধান সভা নিৰ্বাচনৰ বোকাখাতৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াইছিল মুঠ ১১ গৰাকী প্ৰাৰ্থীয়ে।