‘অসম্ভৱো’ এওঁলোকৰ বাবে সম্ভৱ…

‘অসম্ভৱো’ এওঁলোকৰ বাবে সম্ভৱ…

ৰাজৰ্ষি চহৰীয়া

বিকলাংগ লোকৰ যোগ্যতা, তেওঁলোকৰ একাগ্ৰতা, সাহস আৰু নিজক আগুৱাই নিয়াৰ যি মনোবল সেয়া সুস্থ, সবল আনবোৰ ব্যক্তিতকৈ কোনো গুণেই কম হ'ব নোৱাৰে বা নহয়। তাৰ প্ৰমান টকিঅ' পেৰা অলিম্পিক। কিয়নো এইবাৰৰ পেৰা অলিম্পিকত ভাৰতৰ নাম উজ্বলোৱাত ভাৰতীয় খেলুৱৈ-এথলিট সকলৰ কিমান অৰিহনা আছে সেয়া সকলোৱে জানে।

২৪ আগষ্ট, ২০২১ৰ পৰা ৫ ছেপ্টেম্বৰ ২০২১লৈ অনুষ্ঠিত হয় টকিঅ' পেৰা অলিম্পিক। এই প্ৰতিযোগিতাত ভাৰতৰ ৫৪ গৰাকী এথলিটে অংশগ্ৰহণ কৰি প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়। আৰু সমগ্ৰ বিশ্বৰ পৰা ৪৫৩৭জন খেলুৱৈ-এথলিটে এইবাৰৰ পেৰা অলিম্পিকত অংশগ্ৰহণ কৰে। ইন্টাৰনেশ্যনেল পেৰালিম্পিক কমিটীৰ দ্বাৰা অনুষ্ঠিত কৰা ১৬ সংখ্যক গ্ৰীষ্ণকালীন পেৰা অলিম্পিক গেমছত ভাৰতে ১৯টাকৈ মেডেল অৰ্জন কৰিবলৈ সক্ষম হয়। ইয়াৰ পৰাই বুজিব পাৰি বিকলাংগ বুলি ভবা ভাৰতীয় খেলুৱৈ আৰু এথলিট সকল কিমান দক্ষ।

এইবাৰৰ টকিঅ' পেৰা অলিম্পিকত মেডেল অৰ্জনৰ তালিকাৰ শীৰ্ষত আছে চীন। আৰু এই তালিকাত ২৪ সংখ্যক স্থান লাভ কৰিছে ভাৰতে। আমাৰ দেশৰ খেলুৱৈ-এথলিটসকলে ৫টা সোণৰ, ৮টা ৰূপৰ আৰু ৬টা ব্ৰঞ্জৰ অৰ্থাৎ মুঠ ১৯টা পদক অৰ্জন কৰিছে। ইফালে, চীনে লাভ কৰিছে ৯৬টা সোণ, ৬০টা ৰূপ আৰু ৫১টা ব্ৰঞ্জৰ মেডেল।

উল্লেখযোগ্য যে, কৃষাণ নাগৰে সোণৰ, সুহাস যঠিৰাজে ৰূপৰ, প্ৰমোদ ভগতে সোণৰ, মনোজ সৰকাৰে ব্ৰঞ্জৰ, মনিষ নাৰৱালে সোণৰ সিংৰাজ ক্লিন্সে ৰূপৰ , প্ৰবীন কুমাৰ ক্লিন্সে ৰূপৰ, মৰিয়াপ্পন থাংগাভেলুৱে ৰূপৰ, শৰদ কুমাৰ গ্ৰাবডে ব্ৰঞ্জৰ, সিংৰাজ আদানে ব্ৰঞ্জৰ, সুমিত অন্তিলে সোণৰ, অবণী লেখাৰাই সোণ আৰু ব্ৰঞ্জ, দেবেন্দ্ৰ ঝাঝাৰীয়াই ৰূপৰ, যোগেশ কাঠুনিয়াই ৰূপৰ, সুন্দৰ সিং গুৰ্জৰে ব্ৰঞ্জৰ, নিসাদ কুমাৰে ৰূপৰ আৰু ভবিনাবেন পেটেলে ৰূপৰ মেডেল অৰ্জন কৰিছে এইবাৰৰ টকিঅ' পেৰা অলিম্পিকত। এয়া দেশৰ বাবে গৌৰৱৰ কথা।

উল্লেখ কৰাৰ প্ৰয়োজন যে- ১৯৪৮চনত লণ্ডন অলিম্পিকৰ সমান্তৰালকৈ ছাৰ লুডৱিগ গাটমেনে ২য় বিশ্বযুদ্ধৰ সময়ত আহত সৈনিক সকলৰ পুনৰ্সংস্থাপনৰ কাৰণে কেইখনমান চিকিৎসালয়ৰ মাজত এখন ক্ৰীড়া প্ৰতিযোগিতাৰ আয়োজন কৰে। পাছলৈ ষ্ট'ক মেণ্ডেভাইল গে'মছ নামেৰে এই প্ৰতিযোগিতা এটা বাৰ্ষিক ক্ৰীড়া প্ৰতিযোগিতালৈ পৰিণত হয়। তাৰ পাছৰ ১২ বছৰলৈকে গাটমেন আৰু তেওঁৰ সহযোগীসকলে এই প্ৰতিযোগিতাৰ আয়োজন কৰি যায়।

১৯৬০ চনৰ ৰোম অলিম্পিকৰ সময়ত গাটমেনে ৪০০জন এথলিটক এই সমান্তৰাল অলিম্পিকত (parallel Olympic) অংশগ্ৰহণ কৰোৱাই আৰু এই প্ৰতিযোগিতা প্ৰথম পেৰা অলিম্পিক হিচাপে পৰিগণিত হয়। তাৰ পাছৰে পৰা প্ৰতি অলিম্পিক বৰ্ষতে পেৰা অলিম্পিক অনুষ্ঠিত হৈ আহিছে। ১৯৮৮ চনৰ ছিউল (দক্ষিণ কোৰিয়া) অলিম্পিকৰ পৰা অলিম্পিক আয়োজন কৰা চহৰখনেই পেৰা অলিম্পিক আয়োজন কৰি আহিছে।

২০০১ চনত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটী চমুকৈ আই অ' চি  আৰু আন্তঃৰাষ্ট্ৰীয় পেৰালিম্পিক কমিটী (আই পি চি)য়ে  একেখন চহৰেই অলিম্পিক আৰু পেৰা অলিম্পিক দুয়োটা প্ৰতিযোগিতা আয়োজন কৰিব লাগিব বুলি আনুস্থানিকভাৱে এখন চুক্তিপত্ৰত স্বাক্ষৰ কৰে। এই চুক্তি প্ৰথম ৰূপায়িত হয় ২০০৮ চনৰ বেইজিং গ্ৰীষ্মকালীন অলিম্পিক আৰু ২০১০ চনৰ ভেংকুভাৰ শীতকালীন অলিম্পিকত। লণ্ডন অলিম্পিক আয়োজক কমিটীৰ মুৰব্বী লৰ্ড ছেবাষ্টিয়ান ক'ই ২০১২ লণ্ডন অলিম্পিক তথা পেৰালিম্পিকৰ বিষয়ে কয় যে- 'We want to change public attitudes towards disability, celebrate the excellence of Paralympics sport and to enshrine from the very outset that the two Games are an integrated whole.'  ইয়াৰ অৰ্থ হ'ল- 'আমি বিকলাঙ্গতাৰ প্ৰতি জনসাধাৰণৰ মনোভাৱ সলনি কৰিব বিচাৰো, পেৰা অলিম্পিক খেলৰ উৎকৰ্ষতা উদযাপন কৰিব বিচাৰো আৰু আৰম্ভণিৰ পৰাই সন্নিবিষ্ট কৰিব বিচাৰো যে দুয়োখন খেল এক সংহত সম্পূৰ্ণ।'

মন কৰিবলগীয়া যে, বৰ্তমানলৈ পেৰা অলিম্পিকত সৰ্বশ্ৰেষ্ঠ খেল প্ৰদৰ্শন কৰিছে ভাৰতে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৃহস্পতিবাৰ অর্থাৎ ৯ ছেপ্টেম্বৰত পেৰাঅলিম্পিকত পদক বিজয়ী সকলৰ সৈতে কথা বতৰা পাতে। দেওবাৰে এই সমগ্ৰ আলোচনা , কথা-বতৰা টিভিত সম্প্ৰচাৰিত কৰা হয়। প্ৰধানমন্ত্ৰী মোডীয়ে খেলুৱৈসকলক শুভেচ্ছা জনোৱাৰ লগতে তেওঁলোকৰ মনোবল বৃদ্ধি কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয়- মই আপোনালোকৰ দ্বাৰা অনুপ্ৰাণিত হওঁ। ইফালে, পেৰা অলিম্পিকৰ খেলুৱৈ প্ৰাচীয়ে কয় যে, সাগৰত নাও চলাবলৈ বহুত ইচ্ছা আছে। এদিন এই সপোন মই সম্পূৰ্ণ কৰিম। খেলুৱৈসকলে প্ৰধানমন্ত্ৰীক কয় যে- 'আমি দিগ্বজ খেলুৱৈসকলকো পৰাস্ত কৰিছো। আন দেশৰ প্ৰধানমন্ত্ৰী বা ৰাষ্ট্ৰপতি খেলুৱৈসকলৰ সৈতে কথা পতা নাই। আমি আপোনাৰ লগত মত বিনিময় কৰিবলৈ পাই বহুত গৌৰৱ অনুভৱ কৰিছো।'

ইফালে, স্বৰ্ণ পদক বিজয়ী কৃষ্ণ নাগৰে কয় যে- তেওঁ নিজৰ এই সোণৰ মেডেল কোৰোনা যুদ্ধা সকলৰ নামত সমৰ্পিত কৰিছে। তেওঁলোকে মহামাৰীৰ সময়ত সৰ্বচ্চ ত্যাগ কৰিছে। বেডমিন্টন খেলুৱৈ মনোজ সৰকাৰে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কয়- আপুনি টকিঅ'ত দেৱভূমি উত্তৰাখণ্ডৰ বুলি কোৱা সময়খিনি আছিল মোৰ বাবে গৌৰৱৰ ক্ষণ।

ভাৰতীয় খেলুৱৈসকলে এইবাৰৰ টকিঅ' পেৰা অলিম্পিকত যিধৰণে খেলিছে তাৰ পৰা আৰু অধিক মনোবল বৃদ্ধি পাইছে খেলুৱৈসকলৰ। ২০২৫ত পেৰিছত অনুষ্ঠিত হ'ব লগা পেৰা অলিম্পিকত খেলুৱৈসকলে ২৫ৰো অধিক মেডেল অৰ্জন কৰাৰ লক্ষ্য নিৰ্ধাৰিত কৰিছে। য'ত কমেও ১০টা স্বৰ্ণ পদক ভাৰতৰ নামত অন্তৰ্ভুক্ত হ'ব।

বিকলাংগ হওঁক বা নহওঁকেই, মানুহৰ মনোবল কেতিয়াও বিকলাংগ হ'ব নোৱাৰে। মনৰ প্ৰবাল ইচ্ছা থাকিলে সকলো অসম্ভৱক কৰিব পাৰি সম্ভৱ। একাগ্ৰতা, ইচ্ছা শক্তি আৰু কঠোৰ অনুশীলনৰে সকলোৱে নিজৰ ক্ষমতাতকৈ অধিক কিবা এটা কৰি দিব পাৰে। তাৰ প্ৰমাণ এইবাৰৰ পেৰা অলিম্পিকত মেডেল অৰ্জন কৰা এইসকল ভাৰতীয় খেলুৱৈ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in