ৰূপহীহাট বিদ্যুৎস্পৃষ্ট কাণ্ড, নিহত ৭ LIVE UPDATE

ৰূপহীহাট বিদ্যুৎস্পৃষ্ট কাণ্ড, নিহত ৭ LIVE UPDATE

দুপৰীয়া ২.১০ বজাতঃ নিহত ৬জনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ অন্তত খাটোৱাললৈ লৈ যোৱা হৈছে।

দুপৰীয়া ১.৫০ বজাতঃ আনজাৰুল ইছলাম, চাহজাহান আলী আহত। নগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন। দুয়োজন বিপদমুক্ত ।

দুপৰীয়া  ১২.৫০ বজাতঃ ৰূপহীহাট ঘটনাৰ পাছত বিদ্যুৎ বিভাগৰ ৩জন বিষয়া-কৰ্মচাৰীক নিলম্বন। এছ ডি অ' পল্লৱ দাস আৰু কনিষ্ট অভিযন্তা দীপক প্ৰধান আৰু লাইনমেন ফকৰুল ইছলামক নিলম্বন কৰা হয়।

দুপৰীয়া ১২.০০ বজাতঃ নিহত সকলৰ পৰিয়াললৈ আঢ়ৈ লাখ টকাকৈ এককালীন সাহায্য ঘোষণা প্ৰশাসনৰ।

পুৱা ১১.৫০ বজাতঃ নগাঁৱৰ চিকিৎসালয়ত উপস্থিত হৈ মন্ত্ৰী কেশৱ মহন্ত আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তই বুজ ল'লে পৰিস্থিতিৰ।

পুৱা ১১.৪০ বজাতঃ খাটোৱালৰ ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ নিৰ্দেশ নগাঁও জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ।

পুৱা ১০.০৭ বজাতঃ ৰূপহীহাট বিদ্যুৎস্পৃষ্ট ঘটনাক লৈ উত্তেজনা। বিদ্যুৎ বিভাগৰ লাইনমেনজনৰ ঘৰত আক্ৰমণ। উত্তেজিত ৰাইজে লণ্ড ভণ্ড কৰিলে তেওঁৰ ঘৰ।

পুৱা ৯.৫৬ বজাতঃ ৰূপহীহাটৰ ঘটনাস্থলীলৈ যাব শক্তি মন্ত্ৰী তপন গগৈ। ঘটনা সন্দৰ্ভত এতিয়ালৈকে কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই মন্ত্ৰীগৰাকীয়ে।

পুৱা ৯.৫৪ বজাতঃ লাইনমেনৰ ঘৰত আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছে উত্তেজিত লোকে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা আৰক্ষীৰ।

পুৱা ৯.৪০ বজাতঃ উত্তেজিত লোকে জানিবলৈ দিয়া মতে, এজন লাইনমেনক তেওঁলোকে জনাইছিল এই কথা। লাইনমেনজনক সংযোগ বিচ্ছিন্ন কৰিবলৈ অনুৰোধ কৰিছিল লোকসকলে। ব্যৱস্থা গ্ৰহণ কৰা নাছিল এই লাইনমেনজনে।

পুৱা ৯.০০ বজাতঃ ৬টা মৃতদেহ ইতিমধ্যে অনা হৈছে নগাঁও অসামৰিক চিকিৎসালয়লৈ। আৰু ২জনৰ অৱস্থা সংকটজনক।

পুৱা ৮.৩৭ বজাতঃ মৃত্যু হোৱা লোকৰ সংখ্যা ৭জনলৈ বৃদ্ধি। ইয়াৰ ভিতৰত দুটি শিশু আছে।

পুৱা ৮.৩৩ বজাতঃ এজন লোকৰ ব্যক্তিগত পুখুৰী আছিল এইটো। ছৈয়েদ আলী নামৰ লোকজনৰ পুখুৰীটোত সংঘটিত হয় এই ঘটনা।

পুৱা ৮.২৫ বজাতঃ পুখুৰীটোৰ ওপৰেৰে যোৱা ১১হাজাৰ ভল্টৰ তাঁৰ ডাল ছিগা আছিল। সেই কথা ৰাইজে কেবাবাৰো জনাইছিল বিদ্যুৎ বিভাগক। শুকুৰবাৰে মাছ মাৰিবলৈ যাওঁতে ছিগা তাঁৰ ডাল পুখুৰীত পৰি থকাৰ বাবেই মৃত্যু হয় লোককেইজনৰ।

পুৱা ৮.২০ বজাতঃ এই ঘটনাত মৃত্যু হোৱা লোক ৬জন ক্ৰমে- ৰফিকুল ইছলাম, জবৰ আলী, মইনুল ইছলাম, হবিবুৰ ৰহমান, ইনামুল ইছলাম আৰু আশীকুল ইছলাম।

পুৱা ৮.১৫ বজাতঃ পুখুৰীৰ পাৰতে কান্দোনত ভাঙি পৰিছে আত্মীয়। চিকিৎসকে মৃত ঘোষণা কৰিলে ৬জন লোকক। আৰু ৫জন সংকটজনক অৱস্থাত চিকিৎসাধীন।

পুৱা ৮.১০ বজাতঃ ১১হাজাৰ ভল্টৰ তাঁৰ ছিগি পৰি আছিল পুখুৰীটোত। স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে, বিদ্যুত বিভাগক জনাইছিল কেবাবাৰো।

পুৱা ৮.০০ বজাতঃ ৰূপহীহাটৰ দক্ষিণ খাটোৱালত অঘটন। পুখুৰীত মাছ মাৰিবলৈ যাওঁতে বিদ্যুৎস্পৃষ্ট হৈ ৬জনৰ মৃত্যু।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in