ছুপাৰষ্টাৰ ৰজনীকান্তৰ সৈতে এজন সফল অসমীয়া

ছুপাৰষ্টাৰ ৰজনীকান্তৰ সৈতে এজন সফল অসমীয়া

ডিজিটেল ডেস্কঃ নবেম্বৰত চিত্ৰগৃহলৈ আহিব বহুচৰ্চিত ছবি Robo 2 dot zero।  ছুপাৰষ্টাৰ ৰজনীকান্তৰ ৰবট ছিৰিজৰ ব্যয়বহুল  এই চলচিত্ৰৰ নেপথ্যত থাকিব এজন অসমীয়া ।

বহুচৰ্চিত চলচিত্ৰ  ৰবটে  মুগ্ধ কৰিছিল  চলচিত্ৰপ্ৰেমীৰ হৃদয়। ছুপাৰষ্টাৰ ৰজনীকান্তৰ অভিনয়ে সন্মোহিত কৰিছিল সকলোকে । এতিয়া পুনৰ সেই সন্মোহনী শক্তিৰ অভিনয় চাবলৈ অপেক্ষা কৰিব লাগিব মাত্ৰ কেইটামান  দিন। আহি আছে ৰবট ছিৰিজৰ দ্বিতীয়খন ছবি ROBO  2DOT Zero । যিখনৰ নেপথ্যত থাকিব এজন অসমীয়া ।

নবেম্বৰ মাহত চিত্ৰগৃহলৈ আহিবলগীয়া   ROBO  2DOT Zero  ইউনিটৰ  অন্যতম  সহযোগী হিচাপে আছে  অসম সন্তান অমৃত প্ৰীতম। বলীউদৰ খ্যাতনামা ছাউণ্ড ইঞ্জিনিয়াৰ হিচাপে   কেবাটাও আন্তৰাষ্ট্ৰীয় বঁটা আজুৰি আনিবলৈ সক্ষম হোৱা শব্দযন্ত্ৰী গৰাকীয়ে ৰজনীকান্তৰ এই ছবিখনতো জড়িত হৈ আছে । যিখন চিনেমাত ভিলেইনৰ চৰিত্ৰত অভিনয়  কৰিব অক্ষয় কুমাৰে ।

যোৰহাট  প্ৰেছ ক্লাবৰ  এই মাহৰ অতিথি অনুষ্ঠানত ভাগ লৈ বুধবাৰে এই বিষয়ে প্ৰকাশ কৰে  অমৃত প্ৰীতমে । নিজৰ অনুভৱ ব্যক্ত কৰি শব্দযন্ত্ৰী গৰাকীয়ে কয় যে বলীউদত অসমীয়াই ছাউণ্ড আৰু মিউজিকৰ ক্ষেত্ৰত  নিজৰ দখল দেখুৱাবলৈ সমৰ্থ হৈছে।

লীউদৰ তিনিটা মূল ষ্টুডিঅৰ মূল ব্যক্তি কেইগৰাকী অসমীয়া আৰু বলীউডৰ   ৮টা সম্পূৰ্ণ ষ্টুডিঅৰ সকলোতে অসমীয়া যুৱকে কাম কৰি আছে বুলিও তেওঁ সদৰী কৰে।  শেহতীয়াকৈ অমৃত  প্ৰীতমে জাহ্নু বৰুৱাৰ ছবি ' ভগা খিড়িকিতো ' কাম কৰি থকা বুলি ব্যক্ত কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in