দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব ৰঞ্জী ট্ৰফীৰ মেচঃ বি চি চি আইৰ বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত….

দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব ৰঞ্জী ট্ৰফীৰ মেচঃ বি চি চি আইৰ বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত….

ডিজিটেল ডেস্কঃ দেশত বৃদ্ধি পোৱা কোভিড-১৯ আৰু ইয়াৰ নতুন প্ৰকাৰ অমিক্ৰনৰ বাবে পিছুৱাই দিয়া হৈছিল ৰঞ্জী ট্ৰফী। কিন্তু দেশত লাহে লাহে কোভিডৰ সংক্ৰমণ কমি অহাৰ পিছতেই পুনৰ প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে সিদ্ধান্ত গ্ৰহণ কৰিছে। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ (বি চি চি আই) কোষাধ্যক্ষ অৰুণ ধুমলে ৰঞ্জী ট্ৰফী পৰিচালনাৰ বিষয়ে শেহতীয়াকৈ এক ঘোষণা কৰিছে।

ধুমলে বৃহস্পতিবাৰে কৈছে যে, ব'ৰ্ডে দুটা পৰ্যায়ত ৰঞ্জী ট্ৰফী অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে। বি চি চি আইয়ে ২৭ মাৰ্চৰ পৰা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) আয়োজন কৰাৰ পৰিকল্পনা কৰিছে আৰু এনে পৰিস্থিতিত, এটা পৰ্যায়ত ৰঞ্জী ট্ৰফী অনুষ্ঠিত কৰাটো সম্ভৱ নহয়। কিন্তু কেইবাখনো ৰাজ্যৰ অনুৰোধত ব'ৰ্ডে এক বৈঠক অনুষ্ঠিত কৰি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে।

বৈঠকৰ পিছত ধুমলে কয়, আমি ৰঞ্জী ট্ৰফী অনুষ্ঠিত কৰাৰ সম্ভাৱনা অন্বেষণ কৰি আছো। যেতিয়া কোভিডৰ সংক্ৰমণ বৃদ্ধি পাইছিল তেতিয়া প্ৰতিযোগিতাখন পিছুৱাই দিয়া হৈছিল। এতিয়া দেখা গৈছে যে দেশত সংক্ৰমণ হ্ৰাস পাইছে। আমাৰ অপাৰেচন দলে অহা মাহত লীগ পৰ্যায়ৰ মেচ আয়োজন কৰিব পাৰোঁ নে নাই সেই বিষয়ে কাম কৰি আছে।

উল্লেখ্য যে বি চি চি আই সভাপতি সৌৰভ গাংগুলী, সচিব জয় শ্বাহ উপস্থিত থকা এই বৈঠকতে ৰঞ্জী ট্ৰফীৰ লীগ পৰ্যায়ৰ মেচ ফেব্ৰুৱাৰীৰ পৰা মাৰ্চলৈকে এমাহৰ ভিতৰত অনুষ্ঠিত কৰা হ'ব। আনহাতে পৰৱৰ্তী পৰ্যায়ৰ মেচসমূহ জুন-জুলাইত অনুষ্ঠিত হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in