ৰঙামাটি মৌজাৰ দুসুঁতিমুখত আৰণ্যকৰ “গঁড়ৰ বিদ্যালয় যাত্ৰা” শীৰ্ষক অনুষ্ঠান…

ৰঙামাটি মৌজাৰ দুসুঁতিমুখত আৰণ্যকৰ “গঁড়ৰ বিদ্যালয় যাত্ৰা” শীৰ্ষক অনুষ্ঠান…

ডিজিটেল সংবাদ, বোকাখাতঃ শনিবাৰে উত্তৰ পূৰ্বাঞ্চলৰ অগ্ৰণী প্ৰকৃতিপ্ৰেমী সংগঠন আৰণ্যকে ৰঙামাটি মৌজা দুসুঁতিমুখ গাঁও পঞ্চায়তৰ অন্তৰ্গত বানেগৰকা ৰোহিতা চাপৰি প্ৰাথমিক বিদ্যালয়ত "গঁড়ৰ বিদ্যালয় যাত্ৰা" শীৰ্ষক এক প্ৰকৃতি সজাগতা সভা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু ৰাইজৰ মাজত অনুষ্ঠিত কৰে। উক্ত অনুষ্ঠানত গঁড় সম্পৰ্কীয় তথ্যচিত্ৰ, সমল ব্যক্তিৰ বক্তব্য আৰু ছাত্ৰ-ছাত্ৰী সকলৰ মাজত এলানি দৃশ্য শ্ৰাব্য মাধ্যমত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰে, য'ত শুদ্ধ প্ৰশ্নোত্তৰ দিয়া সকলক পৰিৱেশ সম্বন্ধীয় কিতাপৰ টোপোলাৰে পুৰস্কৃত কৰা হয় ।

সভাত মুখ্য অতিথি হিচাপে কাজিৰঙা অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱজ্যোতি নাথ, কাজিৰঙাৰ জ্যেষ্ঠ সাংবাদিক তথা অনুষ্ঠানৰ সমল ব্যক্তি স্বপন নাথ,আৰণ্যকৰ প্ৰৱন্ধক আৰু মধ্য অসম মণ্ডলৰ সমন্বয়ক আৰিফ হুছেইন ,বিদ্যালয়ৰ প্ৰধান শিক্ষক গিৰিধৰ দাস,সহকাৰী শিক্ষক কিৰণ বড়ি , বিদ্যালযৰ পৰিচালনা সমিতি সভাপতি বুবুল দলে ,প্ৰাক্তন সভাপতি গিৰিন্দ দলে ,স্থানীয় সংবাদ কৰ্মী বলোৰাম কামান আৰু আৰণ্যকৰ সদস্য ক্ষীৰোদ শইকীয়া,বাবুকান্ত দাৱ , স্থানীয় প্ৰকৃতিপ্ৰেমী প্ৰশান্ত মৰাং উপস্থিত থাকে ।

সভাত ভাষণ প্ৰদান কৰে অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱজ্যোতি নাথ,স্বপন নাথ,বিদ্যালয়ৰ প্ৰধান গিৰিধৰ দাস আৰু ৰাইজৰ ফালৰ পৰা ৰাজকুমাৰ দলে আৰু আৰণ্যকৰ সদস্য ক্ষীৰোদ শইকীয়াই এটি পৰিৱেশ সংৰক্ষণৰ স্বৰচিত কবিতা আবৃত্তি কৰে । সভা উদ্দেশ্য ব্যাখ্যা , চিনাকি পৰ্ব আৰু শলাগৰ শৰাই আগবঢ়ায় আৰণ্যকৰ সদস্য ইভান লইঙে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in