১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

১. এপিডিচিএলৰ পৰিচালন সঞ্চালক পদৰ পৰা পুৰু গুপ্তাক অব্যাহতি দি অতিৰিক্ত দায়িত্ব অৰ্পণ কৰা হৈছে ৰাকেশ আগৰৱালাক। উদ্যোগ আৰু বাণিজ্য বিভাগৰ সচিবৰ দায়িত্ব প্ৰদান পুৰু গুপ্তাক।

২. দুৰ্গাপূজাৰ প্ৰতিমা বিসৰ্জনৰ সন্দৰ্ভত কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ জিলা আৱৰ্ত ভৱনত গুৰুত্বপূৰ্ণ বৈঠক। প্ৰতিমা বিসৰ্জনৰ স্থান প্ৰস্তুত কৰিবলৈ বিভাগীয় বিষয়াক নিৰ্দেশ উপায়ুক্ত।

৩. মহানগৰীৰ বিভিন্ন স্থানত কৃত্ৰিম বানে সৃষ্টি কৰা সমস্যা সন্দৰ্ভত দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ গুৱাহাটী আৱৰ্ত ভৱনত গুৰুত্বপূৰ্ণ বৈঠক।

৪. জনতা ভৱনত ব্যৱসায়ীৰ সৈতে মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ গুৰুত্বপূৰ্ণ বৈঠক। ৰাজ্যত পূজাৰ পূৰ্বে বৃদ্ধি নহয় আলুৰ দাম। আশ্বাস মন্ত্ৰীগৰাকীৰ।

৫. গোলাঘাটত আলু-পিয়াজৰ ছিণ্ডিকেটৰ মূল কাণ্ডাৰী নন্দ কিশোৰ গোস্বামীক গ্ৰেপ্তাৰৰ দাবীত মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ গোলাঘাট আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ।

৬. আহমেদাবাদত কুলাৰ কোম্পানীত ভয়াৱহ অগ্নিকাণ্ড। ১৫ খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে নিৰ্বাপিত কৰিলে জুই।

৭. দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ মালয়েছিয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নজীব ৰজ্জাক।

৮. ভাৰত আৰু পাকিস্তানৰ বৈদেশিক মন্ত্ৰীৰ মাজত অনুষ্ঠিত নহয় কোনোধৰণৰ বৈঠক। ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে কৰিলে এই ঘোষণা।

৯. গুজৰাটত ১৬ বছৰে ২১৪০ কোটি টকাৰ হিচাপ দিয়া নাই চৰকাৰে, কেগৰ প্ৰতিবেদন উন্মোচিত এই তথ্য।

১০. ছাৰ্বিয়া, মাল্টা আৰু ৰোমানিয়া ভ্ৰমণ সামৰি স্বদেশত উপস্থিত উপৰাষ্ট্ৰপতি ভেংকয়া নাইডু।

১১. তাঞ্জানিয়াত জাহাজ দুৰ্ঘটনাত নিহত অতিকমেও ১২০ জনকৈ লোক।

১২. আমেৰিকাৰ নিউৰ্য়কত দুখন বাহনৰ মুখামুখি সংঘৰ্ষত ৯জন নিহত।

১৩. ছানী দেউলৰ ছবি 'মহৌল্লা অচ্চী' মুক্তি পাব ১৬ নৱেম্বৰত। বৃহস্পতিবাৰে ছবিখনৰ পষ্টাৰ মুকলি।

১৪. দিনতে সপোন দেখিবলৈ আৰম্ভ কৰিছে ৰাহুল বাবাই। ৰায়পুৰত এই মন্তব্য অমিত শ্বাহৰ।

১৫. 'যিসকলে গুলী চলাইছে, তেওঁলোকক গুলীৰেই উত্তৰ দিয়া হ'ব'-পাকিস্তানক এনেকৈয়ে সমালোচনা কৰিলে জন্মুকাশ্মীৰৰ ৰাজ্যপাল সত্যপাল মালিকে।

১৬. পেট্ৰ'লৰ পাছতে চিএনজিৰ মূল্য ১৪ শতাংশ বৃদ্ধি হোৱাৰ সম্ভাৱনা।

১৭. গুজৰাটত ১০ দিনত মৃত্যু হৈছে ১১ টাকৈ সিংহ। তদন্তৰ নিৰ্দেশ গুজৰাট চৰকাৰৰ।

১৮. কাশ্মীৰৰ ছ'পিয়ানত ৩ আৰক্ষীক অপহৰণ কৰি হত্যা সন্ত্ৰাসবাদীৰ। ইয়াৰে দুজন বিষয়া আৰু এজন কনিষ্টবল।

১৯. তেলেংগানাৰ বিধানসভা নিৰ্বাচনক লৈ আপৰ কুচ-কাৱাজ। ১১৯ খন আসনতে প্ৰতিদ্বন্দিতা আগবঢ়াব কেজৰিৱলাৰ দলটোৱে।

২০. পশ্চিম বংগত পালন কৰা নহয় ছাৰ্জিকেল ষ্ট্ৰাইক দিৱস। জনালে পশ্চিম বংগৰ তৃণমুল কংগ্ৰেছৰ মন্ত্ৰী পাৰ্থ চেৰ্তাজীয়ে।

২১. নতুন দিল্লীত গ্ৰেপ্তাৰ চীনৰ চোৰাংচোৱা বিষয়া।

২২. বিএছএফক গৃহমন্ত্ৰী ৰাজনাথ সিঙে দিলে নিৰ্দেশ-'জোৱানৰ হত্যাকাণ্ডত জড়িত পাক সৈনিকৰ বিৰুদ্ধে অচিৰেই লোৱা হওক ব্যৱস্থা।'

২৩. বিগত ১০ বছৰত ভাৰতত দৰিদ্ৰতাৰ পৰা মুক্তি পাইছে ২৭ কোটি লোকে। অক্সফৰ্ডৰ প্ৰতিবেদনত প্ৰকাশ এই আশাব্যঞ্জক তথ্য।

২৪. ঘানাত প্ৰৱল বৃষ্টিপাতৰ ফলত হোৱা বানপানীত ৩৪ জন লোকৰ মৃত্যু।

২৫. উত্তৰ-পূৱ মেৰীলেণ্ডত ৪ সৰ্তীথক গুলীয়াই হত্যা কৰাৰ পাছত মহিলা কৰ্মচাৰীৰ আত্মহত্যা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in