কোভিড ভেকচিন লবলৈ কাকো বাধ্য কৰিব নোৱাৰেঃ কেন্দ্ৰই উচ্চতম ন্যায়ালয়ত দাখিল কৰিলে শপতনামা…

কোভিড ভেকচিন লবলৈ কাকো বাধ্য কৰিব নোৱাৰেঃ কেন্দ্ৰই  উচ্চতম ন্যায়ালয়ত দাখিল কৰিলে শপতনামা…

ডিজিটেল ডেস্কঃ কোভিড ভেকচিন প্ৰসংগত কেন্দ্ৰই দেশৰ উচ্চতম ন্যায়ালয়ত এক শপত নামা দাখিল কৰিছে। এই শপতনামাত কৈছে যে, কোভিড-১৯ ৰ ভেকচিন গ্ৰহণ কৰাটো বাধ্যতামূলক নহয়। কোনো ব্যক্তিয়ে ইচ্ছা প্ৰকাশ নকৰিলে তেওঁক ভেকচিন গ্ৰহণৰ বাবে বাধ্য কৰিব নোৱাৰিব। কেন্দ্ৰই শপত নামাত কৈছে যে, কোভিড ভেকচিন গ্ৰহণ কৰা বিষয়টো নিৰ্দেশনা নহয়।

ইয়াৰ উপৰিও কেন্দ্ৰই উচ্চতম ন্যায়ালয়ত দাখিল কৰা শপতনামাত কৈছে যে, কোভিড ভেকচিন সম্পৰ্কে কেন্দ্ৰই বৰ্তমানলৈকে কোনো এছ অ' পি জাৰি কৰা নাই। ভেকচিন গ্ৰহণৰ প্ৰমাণপত্ৰ যিকোনো উদ্দেশ্যত বাধ্যতামূলকো নহয়। শপতনামাত উল্লেখ কৰিছে যে, কেন্দ্ৰৰ নিৰ্দেশনাৱলীত সংশ্লিষ্ট ব্যক্তিজনৰ সন্মতি অবিহনে কোনো বলপূৰ্বক টিকাকৰণৰ পৰিকল্পনা কৰা হোৱা নাই।

উল্লেখ্য় যে কেন্দ্ৰই সমগ্ৰ দেশজুৰি দিব্যাংগসকলৰ বাবে ঘৰে ঘৰে টিকাকৰণ সন্দৰ্ভত বিচৰা এখন আবেদনৰ উত্তৰ দাখিল কৰাৰ সময়ত এইকথা কৰিছে। কেন্দ্ৰই কৈছে যে কোভিড-১৯ টিকাকৰণ বৃহত্তৰ জনস্বাৰ্থত বিভিন্ন প্ৰিণ্ট আৰু ছ'চিয়েল মিডিয়া প্লেটফৰ্মৰ জৰিয়তে যথাযথভাৱে পৰামৰ্শ, বিজ্ঞাপন আদিৰ জৰিয়তে জনোৱা হৈছে যে সকলো নাগৰিকে টিকাকৰণ কৰা উচিত। কোনো ব্যক্তিক তেওঁৰ ইচ্ছাৰ বিৰুদ্ধে টিকাকৰণ কৰিবলৈ বাধ্য কৰিব নোৱাৰি।

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে কৈছে যে, ভাৰত চৰকাৰে কোনো এছ অ' পি জাৰি কৰা নাই যিয়ে কোনো উদ্দেশ্যৰ বাবে টিকাকৰণ প্ৰমাণপত্ৰ বাধ্যতামূলক কৰে। ২০ ছেপ্টেম্বৰ, ২০২১ ত, উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক এই বিষয়ত এক জাননী জাৰি কৰিছিল। সেই জাননীত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰক দুসপ্তাহৰ ভিতৰত উত্তৰ দাখিল কৰিবলৈ কৈছিল।

ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ বিচাৰপীঠে দেশৰ মহাধিবক্তা তুষাৰ মেহতাক এই গোচৰটোত আদালতক সহায় কৰিবলৈ কৈছিল। উল্লেখ্য যে ইৱাৰা ফাউণ্ডেচনে উচ্চতম ন্যায়ালয়ত দিব্যাংগ লোকসকলৰ ঘৰে ঘৰে টিকাকৰণৰ বাবে এখন আবেদন দাখিল কৰিছিল। আৱেদনখনত কোৱা হৈছিল যে এই লোকসকলে ভোকচিন কেন্দ্ৰসমূহলৈ গৈ ভেকছিন গ্ৰহণ কৰিব নোৱাৰে। সেয়েহে চৰকাৰে ঘৰে ঘৰে গৈ টিকাকৰণ কৰাউচিত।

এই আৱেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে এক শুনানি গ্ৰহণ কৰি ৰাজ্যসমূহক এই বিষয়ত জাননী জাৰি কৰিবলৈ অস্বীকাৰ কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in