নাৰায়ণপুৰত দুই আলফাৰ লিংকমেন আটক

নাৰায়ণপুৰত দুই আলফাৰ লিংকমেন আটক

ডিজিটেল সংবাদ, নাৰায়ণপুৰঃ লখিমপুৰৰ নাৰায়ণপুৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুজন আলফাৰ লিংকমেনক। ধৃত লিংকমেন দুজন ক্ৰমে সঞ্জীৱ দুৱৰা আৰু পূৰ্ণ গগৈ।

সঞ্জীৱ দুৱৰাৰ ঘৰ ভিতৰদলনীত। আলফা স্বাধীনৰ দুৰ্ধৰ্ষ সদস্য বাবুলৰ সৈতে যোগাযোগ ৰক্ষা কৰি চলিছিল এই দুজন লিংকমেনে।

লখিমপুৰ জিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলা অভিযানত বিহপুৰীয়া-নাৰায়ণপুৰ আৰক্ষীয়ে দুয়োকে গ্ৰেপ্তাৰ কৰে। আদালতত হাজিৰ কৰায় আৰক্ষীয়ে ইতিমধ্যে দুয়োকে কাৰাগাৰলৈ প্ৰেৰণ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in