কোকৰাঝাৰ আৰক্ষীৰ অভিযানত উগ্ৰপন্থী সদস্য, কুখ্যাত ড্ৰাগছ মাফিয়া আটক

কোকৰাঝাৰ আৰক্ষীৰ অভিযানত উগ্ৰপন্থী সদস্য, কুখ্যাত ড্ৰাগছ মাফিয়া আটক

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ আগন্তুক দূৰ্গোৎসৱৰ প্ৰাকক্ষণত কোকৰাঝাৰ জিলাত দুৰ্ষ্কৃতিকাৰীয়ে যাতে কোনো ধৰণৰ হিংসাত্মক ঘটনা সংঘটিত কৰিব নোৱাৰে তাৰ বাবে কোকৰাঝাৰ আৰক্ষীয়ে সমগ্ৰ জিলাখনত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুুুুলিছে৷ আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ ফলত যোৱা ২৪ ঘন্টাত আৰক্ষীয়ে পৃথকে পৃথকে চলোৱা অভিযানত আদিবাসী উগ্ৰপন্থী সংগঠন 'নাছলা'ৰ এজন দুৰ্ধৰ্ষ সদস্যক অস্ত্ৰসহ গ্ৰেপ্তাৰ কৰাৰ লগতে ড্ৰাগছ মাফিয়া এজনকো কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে৷

ইয়াৰে মাৰানাস্ত্ৰসহ কৰায়ত্ত হোৱা নাছলা (আলোচনা বিৰোধী) সদস্যজন স্বপন মাৰ্ডী (২৯) আৰু ড্ৰাগছ মাফিয়া গৰাকী আশ্ৰৱ খান (৩৪) বুলি শীৰ্ষ আৰক্ষীৰ সূত্ৰত প্ৰকাশ পাইছে৷ আৰক্ষীয়ে পৃথকে পৃথকে চলোৱা অভিযানত ধৃত নাছলা সদস্য গৰাকীৰ কৱলৰ পৰা ৪ জাঁই সজীৱ গুলীসহ নাইন এম এম পিষ্টল এটা আৰু ধৃত ড্ৰাগছ মাফিয়াগৰাকীৰ কৱলৰ পৰা ১,৩৬২টা নিচাসক্ত টেবলেট জব্দ কৰিবলৈ সক্ষম হৈছে৷


প্ৰাপ্ত বাতৰি অনুসৰি, দেওবাৰে নিশা কোকৰাঝাৰ জিলা আৰক্ষী আৰু সেনাই যুটীয়া অভিযান চলাই জিলাখনৰ গোসাইগাওঁ মহকুমাৰ অন্তৰ্গত চন্দ্ৰপুৰত আদিবাসী উগ্ৰপন্থী গোট নাছলা সদস্যগৰাকীক অস্ত্ৰসহ হাতে-লোটে কৰায়ত্ত কৰাৰ উপৰিও জিলাখনৰে কাজিগাঁও থানাৰ অন্তৰ্গত পানবাৰীত ড্ৰাগছ মাফিয়া তথা ধুবুৰী জিলাৰ বিদ্যাপাৰা নিবাসী আশ্ৰৱ খানক নিচাযুক্ত টেবলেটসহ কৰায়ত্ত কৰিছে৷

আৰক্ষীয়ে ধৃত দুয়োজনক মাৰাথন জেৰা অব্যাহত ৰাখিছে৷ আনহাতে, কোকৰাঝাৰ আৰক্ষীয়ে নিশা আন এক অভিযানত জিলাখনৰে বছগুৰী গাঁৱত নম্বৰবিহীন এখন মহিন্দ্ৰা ব'লেৰ পিকআপ গাড়ী উদ্ধাৰ কৰিছে৷ গাড়ীখন চুৰি কৰি অনাৰ সন্দেহত আৰক্ষীয়ে সোধ-পোছৰ বাবে সঞ্জয় বসুমতাৰী আৰু ইৰেন্দ্ৰ মুছাহাৰীক আটক কৰি জেৰা অব্যাহত ৰাখিছে। ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in