জালুকবাৰীত তীব্ৰ চাঞ্চল্যঃ এটা কুঁৱাত উদ্ধাৰ কিশোৰীৰ মৃতদেহ…

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • জালুকবাৰীৰ এটা কুঁৱাত কিশোৰীৰ মৃতদেহ উদ্ধাৰ।
  • কিশোৰী গৰাকী সুনীতা দেৱী বুলি চিনাক্ত।
  • পাণ্ডু অগ্নি আৰু জৰুৰীকালীন সেৱা, এছডিআৰএফয়ে ২৫ ফুট গভীৰতাৰ পৰা উদ্ধাৰ কৰে কিশোৰীগৰাকীৰ।
  • যতীন বৰ্মন নামৰ লোক এজনৰ চৌহদত থকা কুঁৱাত উদ্ধাৰ মৃতদেহটো।
  • যতীন বৰ্মন মৃত কিশোৰীগৰাকীৰ সম্পৰ্কীয় মোমায়েক।
  • আৰু মোমায়েকৰ ঘৰতে বহুদিন ধৰি আছিল কিশোৰীগৰাকী।
  • যোৱা দুদিন ধৰি নিৰুদ্দেশ হৈ আছিল সুনীতা দেৱী নামৰ কিশোৰীগৰাকী।
  • জালুকবাৰী আৰক্ষী চকীত নিৰুদ্দেশ সন্দৰ্ভত মালিকে দিছিল এজাহাৰ।
  • ইফালে কিশোৰীগৰাকীৰ মৃতদেহ ৰহস্যজনকভাৱে উদ্ধাৰ হোৱাৰ লৈ এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
  • সম্প্ৰতি জালুকবাৰী আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in