হলীউডৰ প্ৰেমত ‘দেশী গাৰ্ল’ প্ৰিয়ংকা

হলীউডৰ প্ৰেমত ‘দেশী গাৰ্ল’ প্ৰিয়ংকা

ডিজিটেল ডেস্কঃ বলীউডৰ মোহময়ী অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই পুনৰ বাতৰিৰ শিৰোনাম দখল কৰিছে। নিক জ'নাছৰ সৈতে থকা সুসম্পৰ্কৰ বাবে এতিয়া প্ৰিয়ংকাই বলীউড এৰি হলীউদত অধিক সময় দিয়াৰ প্ৰয়াস কৰিছে।

ইতিমধ্যে প্ৰিয়ংকা চোপ্ৰাই হলীউডৰ ছবিত সময় দিয়াৰ বাবে ছলমান খানৰ সংগ এৰিছিল। 'ভাৰত' ছবিত ছলমান খানৰ সৈতে অভিনয় কৰাৰ কথা আছিল প্ৰিয়ংকাই।

ছবিখনৰ পৰিচালক আলী আব্বাছ জাফাৰে টুইটাৰযোগে ইংগিত দিয়া মতে, নিকৰ সৈতে থকা সম্পৰ্কৰ বাবে এই ছবিখন এৰিলে অভিনেত্ৰীগৰাকীয়ে। তাৰ পাছতেই আহিছে আন এক খবৰ। প্ৰিয়ংকা চোপ্ৰাই এইবাৰ আন এখন বলীউডৰ ছবিৰ পৰা আতৰি যোৱাৰ সিদ্ধান্ত হৈছে।

সঞ্জয় লীলা ভাঞ্চালীৰ ছবি 'গেংষ্টাৰ'তো নাথাকে অভিনেত্ৰীগৰাকী। সঞ্জয় লীলা ভাঞ্চালীয়ে ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয়ৰ বাবে প্ৰিয়ংকাৰ কথা ভাবিছিল। এতিয়া বলীউডত প্ৰিয়ংকাক লৈ যথেষ্ট খবৰ।

হলীউডৰ ছবি 'কাউ বয় নিঞ্জা ভিকিং'ত অভিনয় কৰিব প্ৰিয়ংকাই। এইবোৰ খবৰ কিমান সঁচা সেয়া নিশ্চিত নহয় যদিও প্ৰিয়ংকা চোপ্ৰাক লৈ এতিয়া চলিছে সৰৱ চৰ্চা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in