হিন্দু যুৱতীক ধৰ্মান্তৰিত কৰি জেহাদৰ আদিপাঠ দিছিল শ্বাহনৱাজ আলমে

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, হোজাইঃ ইছলামিক সন্ত্ৰাসবাদক লৈ কিছু বছৰ পূৰ্বে নিৰ্মাণ কৰা চিনেমা 'বিশ্বৰূপম' সদৃশ এক কাহিনী পোহৰলৈ আহিছে হোজাইত। চিনেমাখনত এটা মেডিকেল লেবৰ ভিতৰত সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাই থকাৰ দৰেকৈ হোজাইৰ যমুনামুখতো সংঘটিত হৈছে অনুৰূপ ঘটনা।

উত্তৰ প্ৰদেশ আৰক্ষীৰ হাতত হিজবুল মুজাহিদীনৰ সৈতে সম্পৰ্ক থকা অসমৰ কামৰুজ জামান গ্ৰেপ্তাৰ হোৱাৰ পিছতে এনেধৰণৰ ভয়ানক কাৰ্যকলাপৰ বিষয়ে জানিব পৰা গৈছে। আৰক্ষীয়ে জনোৱা মতে, যমুনামুখত এই কাৰ্য গোপনে চলাই গৈছিল কামৰুজ জামানৰ বন্ধু শ্বাহনৱাজ আলমে।

ধৃত আলমে জেৰাত এই কথা স্বীকাৰ কৰা বুলিও জনাইছে আৰক্ষীয়ে। এই সন্দৰ্ভত অধিক তথ্য লাভৰ বাবে আৰক্ষীয়ে শুকুৰবাৰে আলমৰ যমুনামুখস্থিত ঔষধ বিক্ৰী প্ৰতিষ্ঠানত কৰ্তব্যৰত যুৱতী এগৰাকীক আটক কৰাৰ পিছতে বিষয়টো অধিক ৰহস্যঘন হৈ পৰে।

আটকাধীন যুৱতীগৰাকীয়ে প্ৰদান কৰা বিস্ফোৰক স্বীকাৰোক্তিয়ে চিন্তাত পেলাইছে হোজাই আৰক্ষীকো। হিন্দু ধৰ্মাৱলম্বী এই যুৱতীগৰাকীক ধৰ্মান্তকৰণৰ বাবে দীৰ্ঘদিন ধৰি হেঁচা প্ৰদান কৰি আহিছিল আলম আৰু তেওঁৰ একাংশ বন্ধুৱে। ধৰ্ম সলনি কৰিলে জীৱনেই সলনি কৰি দিয়াৰো প্ৰলোভন দিছিল সন্ত্ৰাসবাদীৰে সু-সম্পৰ্ক ৰক্ষা কৰি অহা আলমে।

ধৰ্ম সলনি কৰিবলৈ হেঁচা দিয়াৰ লগতে জেহাদৰ আদিপাঠো দিছিল যুৱতীগৰাকীক। 'মোক সিহঁতে সদায়েই ধৰ্ম সলনি কৰিবলৈ কৈছিল। ধৰ্ম সলনি কৰিলে মোৰ জীৱন সুখৰ হৈ পৰিব বুলিও জনাইছিল। জেহাদৰ কথা কৈছিল।'-যুৱতীগৰাকীৰ চাঞ্চল্যকৰ ভাষ্য।

যুৱতীগৰাকীয়ে এই বিস্ফোৰক তথ্য সদৰী কৰাৰ পিছতে শ্বাহ আলমৰ লেবত সন্ত্ৰাসবাদৰ সৈতে জড়িত আৰু কেনেধৰণৰ কাম-কাজ চলিছিল সেই বিষয়ে অধিক জানিবলৈ গোপন স্থানত জেৰা অব্যাহত ৰাখিছে হোজাই আৰক্ষীয়ে। জেৰাত আৰু বিস্ফোৰক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা ব্যক্ত কৰিছে আৰক্ষী সূত্ৰই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in