দিল্লীত কৃষাণ ক্ৰান্তি পদযাত্ৰাঃ কৃষকক কন্দুৱা গেছ, পানীৰে বাধাৰ চেষ্টা আৰক্ষীৰ, VIDEO

দিল্লীত কৃষাণ ক্ৰান্তি পদযাত্ৰাঃ কৃষকক কন্দুৱা গেছ, পানীৰে বাধাৰ চেষ্টা আৰক্ষীৰ, VIDEO

ডিজিটেল ডেস্কঃ দিল্লীত কৃষকৰ ওপৰত আকৌ চলিল নিৰ্মম অত্যাচাৰ । বিদ্যুতৰ মূল্য হ্ৰাসকে ধৰি কম সূতত ঋণ দান আদি ভালে দাবীৰ সমৰ্থনত ভাৰতীয় কৃষক সভাই ২৩ ছেপ্টেম্বৰত হৰিদ্বাৰৰ পৰা বাহিৰ কৰিছিল 'কৃষাণ ক্ৰান্তি পদযাত্ৰা'।

মঙলবাৰে কৃষকসকলে ৰাজঘাট আৰু সংসদ ভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ প্ৰস্তুতি চলাইছিল। এই প্ৰতিবাদ যাতে সাব্যস্ত কৰিব নোৱাৰে তাৰবাবে পুৱাৰেই পৰা দিল্লীত কটকটীয়া কৰা হৈছিল নিৰাপত্তা বেষ্টনী। ১৪৪ধাৰা জাৰি কৰাৰ লগতে দিল্লীত প্ৰৱেশৰ বাট পথ সমূহত নাকাবন্দী লগাই কৃষকসকলৰ এই প্ৰতিবাদ বাধা দিবলৈ চেষ্টা কৰে আৰক্ষীয়ে।

দিল্লী-উত্তৰপ্ৰদেশ সীমান্তত পদযাত্ৰা কৰি অহা কৃষকক বাধা দিবলৈ চেষ্টা কৰোতেই উত্তেজিত কৃষকসকলে প্ৰশ্ন কৰে- যদি আমি আমাৰ সমস্যাৰ কথা চৰকাৰক ক'ব নোৱাৰো তেন্তে কাৰ আগত কম? এইবোৰ ক'বলৈ আমি পাকিস্তান বা বাংলাদেশলৈ যাব লাগিব নেকি? এইদৰে নিৰাপত্তাৰক্ষীক উভতি ধৰে ভাৰতীয় কৃষক সভাৰ সভাপতি নৰেশ টিকৈতে।

উত্তেজিত হৈ পৰা কৃষক সকলক বাধা দিবলৈ প্ৰথমে আৰক্ষীয়ে বেৰিকেট গঢ়ি তোলাৰ লগতে ৱাটাৰ কেননো ব্যৱহাৰ কৰে। তাৰপাছতো পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰাত আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰি তেওঁলোকক ছত্ৰভংগৰ চেষ্টা কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in