অসমৰ এন আৰ চিৰ বিৰোধিতাৰে পশ্চিমবংগত ৰেল অৱৰোধ

অসমৰ এন আৰ চিৰ বিৰোধিতাৰে পশ্চিমবংগত ৰেল অৱৰোধ

ডিজিটেল ডেস্কঃ এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ পিছতে সমগ্ৰ প্ৰক্ৰিয়াটোক বাধাগ্ৰস্ত কৰিবলৈ তৎপৰ হৈ পৰিছে চুবুৰীয়া ৰাজ্য পশ্চিমবংগ। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এন আৰ চি বিৰোধী মন্তব্যৰে বিতৰ্ক সৃষ্টি কৰাৰ লগতে ৰাজ্যখনৰ একাধিক দল-সংগঠনেও ইয়াত হাত-উজান দিয়া দেখা গৈছে।

এই অনুযায়ী বুধবাৰে পুৱাৰ ভাগৰে পৰা চুবুৰীয়া ৰাজ্যখনৰ বিভিন্ন ৰেল ষ্টেশ্যনত ৰেল অবৰোধ কৰে। অবৰোধৰ সময়ছোৱাত প্ৰতিবাদকাৰীসকলে অসমত এন আৰ চিৰ কাম-কাজ বন্ধ কৰিবলৈ দাবী জনায়। অৱৰোধৰ ফলত বহু যাত্ৰী আধাবাটতে আৱদ্ধ হবলগীয়া হোৱাত হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে।

উল্লেখ্য যে যোৱা ৩০ জুলাইত প্ৰকাশিত এন আৰ চিৰ চূড়ান্ত খচৰাৰ পৰা বাদ পৰিছিল ৪০ লাখৰো অধিক আবেদনকাৰীৰ নাম। ইয়াৰ পিছতে এন আৰ চিক লৈ অপ-প্ৰচাৰত ব্যস্ত হৈ পৰিছিল চুবুৰীয়া ৰাজ্যখন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in