লংকাত জীতেন দত্তৰ প্ৰতিকৃতি দাহ বিজেপিৰঃ VIDEO

লংকাত জীতেন দত্তৰ প্ৰতিকৃতি দাহ বিজেপিৰঃ VIDEO

ডিজিটেল সংবাদ, লংকাঃ হোজাই জিলাৰ লংকাৰ ভালুকমাৰীত বিজেপিৰ শতাধিক সদস্যাই আলোচনাপন্থী আলফা নেতা জীতেন দত্তৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

লামডিং সমষ্টিৰ বিজেপি বিধায়ক শিবু মিশ্ৰই কৰা মন্তব্যৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ গৈ বিধায়কজনক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ অভিযোগ তুলি এই প্ৰতিবাদ সাব্যস্ত কৰে বামুণগাওঁ মণ্ডলৰ বিজেপি কৰ্মীসকলে।

প্ৰতিবাদকাৰী বিজেপি কৰ্মীসকলে জীতেন দত্ত হাই হাই, জীতেন দত্ত গ' বেক, জীতেন দত্তৰ দাদাগিৰি নচলিব আদি ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in