এন আৰ চিক লৈ পঞ্চম দিনাও উত্তাল সদন

এন আৰ চিক লৈ পঞ্চম দিনাও উত্তাল সদন

ডিজিটেল ডেস্কঃ এন আৰ চি প্ৰসংগক লৈ আজিও উত্তাল হৈ আছে ৰাষ্ট্ৰীয় ৰাজনীতি। বৃহস্পতিবাৰে শিলচৰত উপস্থিত হোৱা তৃণমূল কংগ্ৰেছৰ ৭জনীয়া প্ৰতিনিধি দলক অসম আৰক্ষীয়ে বিমান বন্দৰতে আৱদ্ধ কৰি ৰখাৰ পিছত আজি লোকসভাত বিষয়টোক লৈ সৰৱ হৈ পৰিছে দলটোৰ কেবাজনো সাংসদ।

তৃণমূল সাংসদ কল্যাণ বেনাৰ্জীয়ে বিষয়টো উত্থাপন কৰি ইয়াক মোদী চৰকাৰৰ অঘোষিত জৰুৰীকালীন অৱস্থা আখ্যা দিয়ে। শিলচৰত তৃণমূলৰ সাংসদ-বিধায়কক অসমৰ বিজেপি চৰকাৰৰ নিৰ্দেশত আৰক্ষীয়েহে অপদস্থ কৰা কাৰ্যক কোনোপধ্যে সহ্য কৰা নহ'ব বুলিও তেওঁ স্পষ্ট কৰি দিয়ে।

উল্লেখ্য যে, বৃহস্পতিবাৰে শিলচৰ বিমানবন্দৰত তৃণমূল কংগ্ৰেছৰ প্ৰতিনিধি দলে কৰ্তব্যৰত আৰক্ষীৰ সৈতে হতাহতিত লিপ্ত হৈছিল। এই হতাহতিত অসম আৰক্ষীৰ দুগৰাকী মহিলা কনিষ্টবল আঘাতপ্ৰাপ্ত হয়।

ইফালে, আজি পুৱাৰ ভাগত শিলচৰৰ পৰা কলকাতালৈ উভতাই পঠিওৱা হয় তৃণমূল কংগ্ৰেছৰ প্ৰতিনিধি দলটোক। কলকাতাত উপস্থিত হৈয়ে পশ্চিমবংগৰ সংবাদ মাধ্যমৰ সমুখত দলটোৰ সদস্যসকলে তেওঁলোকক অসম আৰক্ষীয়ে নিৰ্যাত চলোৱাৰ অভিযোগ উত্থাপন কৰে।

'অসম চৰকাৰে আমাৰ পৰা কথাবোৰ গোপন কৰি ৰাখিব বিচাৰিছে। সেয়ে আৰক্ষীৰ হতুৱাই আমাক বিমান বন্দৰৰ বাহিৰলৈ উলাবলৈ নিদিলে। কিন্তু কথাবোৰ কিমান দিনলৈ গোপন কৰি ৰাখিব, সত্য পোহৰলৈ আহিবই।'- এইদৰে কয় প্ৰতিনিধি দলটোৰ এগৰাকী সদস্যই।

বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মমতা বেনাৰ্জীয়েও। চুবুৰীয়া ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়েও ইয়াক বিজেপি চৰকাৰৰ অঘোষিত জৰুৰীকালীন অৱস্থা আখ্যা দিয়ে। তেওঁ কয় যে অসমত শান্তি-সম্প্ৰীতি বিঘ্নিত হোৱাৰ আশংকা কৰিয়েই তেনে পৰিস্থিতি যাতে উদ্ভৱ হ'ব নোৱাৰে তাৰ বাবেই প্ৰতিনিধি দল প্ৰেৰণ কৰিছিল। বিজেপিয়ে শান্তি-সম্প্ৰীতিৰ পৰিৱৰ্তে হিংসা বিচাৰে বাবেই এনেদৰে প্ৰতিনিধি দলটোক নিৰ্যাতন চলালে বুলিও অভিযোগ উত্থাপন কৰে তৃণমূলৰ মূল নেত্ৰীগৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in