চকুৰ চিনাকি অনিতা আইতাৰ মুখাগ্নি কৰিলে কটনৰ হীৰকজ্যোতিয়ে…

চকুৰ চিনাকি অনিতা আইতাৰ মুখাগ্নি কৰিলে কটনৰ হীৰকজ্যোতিয়ে…

সম্বন্ধত তেওঁ কোনো নাছিল। কেৱল দায়িত্ব আৰু মানৱতাৰ বাবেই এদিন লৈ গৈছিল বৃদ্ধাশ্ৰমলৈ। মৃত্যুৰ পাছত কটন বিশ্ববিদ্যালয়ৰ সেইজন ছাত্ৰই মুখাগ্নি কৰিলে এগৰাকী বৃদ্ধাৰ। নাম তেওঁৰ হীৰকজ্যোতি বৰা। এই কাহিনী বাস্তৱৰ কাহিনী। এফালে পিতৃ-মাতৃৰ প্ৰতি উপেক্ষা। আনফালে, এজন যুৱকৰ মানৱতা আৰু দায়ৱদ্ধতাৰ চৰম প্ৰকাশ। মৃদুল কুমাৰ সন্দিকৈৰ এক বিশেষ প্ৰতিবেদন।

এজনী আইতা। তেওঁৰ নাছিল কোনো ঠিকনা। ৩ বছৰ মান আগতে গুৱাহাটীৰ বাসিন্দা হৈছিলহি তেওঁ। ব্যস্ত গুৱাহাটীৰ আওভাও একো বুজি নাপাইছিল আইতাগৰাকীয়ে। ৪ মাহৰ আগতে তেওঁ হৈছিলহি 'মাদাৰ অল্ড এজ হোম'ৰ বাসিন্দা। সংসাৰৰ মায়া-মোহ তেওঁৰ নাছিল। জীৱনটোক তেওঁ কোনো দিনেই উদযাপন কৰিব বিচৰা নাছিল।গতানুগতিকভাৱে পাৰ হৈছিল সময়। দেওবাৰে তেওঁ সংসাৰৰ সকলো বান্ধোনৰ পৰা মুক্তি হৈ গুচি গ'ল। ধনী-দুখীয়া, সুখ-দুখ আদি সকলোৰ পৰা মুক্ত হৈ কোনোবা অচিন ঠিকনালৈ গুচি গ'ল আইতাগৰাকী।

নৱগ্ৰহত সোমবাৰে এইগৰাকী আইতাৰ চিতা জ্বলিল। এজন ২২-২৩ বছৰীয়া যুৱকে তেওঁৰ মুখাগ্নি কৰিলে। পুৰোহিতে দেখুৱাই দিয়াৰ দৰে কৃত-কৰ্মবোৰ কৰি গ'ল যুৱকজনে। চিতাৰ জুয়ে তেওঁৰ নশ্বৰ দেহ পুৰি ছাই কৰিলে। শুকান কাঠৰ কুণ্ডলী পকাই উঠা ধোঁৱা আৰু জুয়ে তেওঁক সাৱটি ল'লে। শেষ হৈ গ'ল অনিতা শীল নামৰ বৃদ্ধাগৰাকী।

দীৰ্ঘদিন ধৰি তেওঁ অসুস্থ হৈ আছিল। চিকিৎসালয়লৈ তেওঁক নিবৰ বাবেও যথেষ্ট কষ্ট কৰিব লগা হৈছিল। যাব নোখোজিছিল তেওঁ চিকিৎসালয়লৈ। মৃত্যুৱে তেওঁৰ কাম্য আছিল। মৃত্যুকে তেওঁ যেন প্ৰাৰ্থনা কৰিছিল। তেওঁৰ কৰুণ মুখখন চালে সেই কথাই অনুমান হয়। কেতিয়াবা কাৎচিত তেওঁ হাঁহিছিল। বৃ্দ্ধাশ্ৰমলৈ অহাৰ আগতে তেওঁ অনাই-বনাই ঘূৰি ফুৰিছিল। কেতিয়াবা যদি শুক্ৰেশ্বৰ মন্দিৰৰ পদপথত, আন কেতিয়াবা ৰে'ল ষ্টেচন, চিটি বাছ আস্থান আদিত আশ্ৰয় লৈছিল। বহু নিশা কটাইছিল মহানগৰীত এইদৰেই। এইবোৰেই যেন তেওঁৰ বাসস্থানৰ, মুহূৰ্তৰ ঠিকনা।

কেতিয়াবাহে তেওঁৰ মুখত দেখা পোৱা গৈছিল এই ম্লান হাঁহি…
কেতিয়াবাহে তেওঁৰ মুখত দেখা পোৱা গৈছিল এই ম্লান হাঁহি…

বৃদ্ধাশ্ৰমলৈ অহাৰ পাছত তেওঁৰ মুখত কাৎচিত দুই ওঠৰ ফাকেৰে বাগৰি পৰিছিল এটা ম্লান হাঁহি। হাতত লাউড স্পিকাৰটো লৈ তেওঁ দুখৰ মাজতো সুখ কি অনুভৱ কৰিছিল। নীলা শাৰীখনৰ এটা পাৰিত ধৰি জীৱনৰ দুখবোৰ ক্ষন্তেকৰ বাবে পাহৰিবলৈ চেষ্টা কৰিছিল। কিন্তু ক'ত পাৰে সেই দুখ পাহৰিব? দুখেই তেওঁৰ জীৱনৰ আছিল সহচৰ। ৰোগীয়া আছিল মানুহজনী। জোৰ কৰি নিব লগা হৈছিল চিকিৎসকৰ কাষলৈ। চিকিৎসকে তেওঁক পৰীক্ষা কৰি থকা সময়তো জীৱনৰ উদাসীনতাক এৰি দি মুখত ফুটাই তুলিছিল এই পৃথিৱীৰ প্ৰতি তীব্ৰ ক্ষোভ।

দীৰ্ঘদিন ধৰি তেওঁ আছিল অসুস্থ…
দীৰ্ঘদিন ধৰি তেওঁ আছিল অসুস্থ…

সেইগৰাকী অনিতা শীলৰে সোমবাৰে চিতা জ্বলিল।আঙুলিত গণিব পৰা কেইটামান মানুহৰ উপস্থিতিত এজন যুৱকে মুখাগ্নি কৰিলে। যিজন যুৱকে এই কাম কৰিলে তেওঁ অনিতা শীলৰ কোনো নহয়। সেয়াও এক অন্য কাহিনী। বৃদ্ধাশ্ৰমত থাকোতে খবৰ ল'বলৈ গৈছিল এই যুৱকজনে। নাম তেওঁৰ হীৰকজ্যোতি বৰা। ঘৰ নগাঁৱত। অনিতা শীলৰ খবৰ ল'বলৈ যাওঁতেই লগৰ বৃদ্ধাশ্ৰমৰ বাসিন্দা সকলক তেওঁ কৈছিল- 'ই মোৰ চেলাৰ দৰে।' সেয়াই আছিল দুয়োৰে মাজৰ সম্পৰ্ক।

অনিতা শীলৰ কাহিনী এতিয়াও আৰম্ভ হোৱাই নাই। তিনি মাহৰ আগৰ কথা। কটন বিশ্ববিদ্যালয়ৰ সন্মুখত তেওঁ  ঘূৰি ফুৰিছিল। সেইদিনা দিছিল বৰষুণ। কটনৰ কেইজনমান ছাত্ৰই ফুটপাথৰ পৰা নি এছএনবিচি হোষ্টেলৰ বাৰান্দাত তেওঁক থাকিবলৈ দিছিল। এগৰাকী বৃদ্ধাৰ এই অৱস্থা দেখি কটনৰ ছাত্ৰ কেইজনৰ বেয়া লাগিছিল। সেয়েহে তেওঁক এইদৰে আশ্ৰয় দি মানৱতাৰ নিদৰ্শন দাঙি ধৰিছিল। হোষ্টেলৰ বাৰান্দাতেই তেওঁক কিছু খাদ্য খাবলৈ দিছিল। সেই মুহূৰ্তৰ দৃশ্য এয়া।

কটন কলেজৰ বাৰান্দাত আশ্ৰয় লোৱা সেই দিনটো…
কটন কলেজৰ বাৰান্দাত আশ্ৰয় লোৱা সেই দিনটো…

খাবলৈ দিয়া ভাতখিনি খাব পৰা নাছিল অনিতা শীলে। পিছদিনা হোষ্টেললৈ যাওঁতে আইতাগৰাকীক তেনে অৱস্থাতেই প্ৰত্যক্ষ কৰিছিল হীৰকজ্যোতিয়ে।কটন বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞান বিভাগৰ স্নাতকোত্তৰ প্ৰথম বৰ্ষৰ ছাত্ৰ আছিল হীৰক। আইতাগৰাকীৰ সৈতে হীৰকে কথা পাতিছিল। কিয় আইতাগৰাকীয়ে খোৱা নাছিল সুধিছিল।এক আত্মীয় সম্বন্ধ গঢ়িবলৈ চেষ্টা কৰিছিল। আইতাগৰাকীয়ে কৈছিল কিছু মনৰ কথা।

কেনেকৈ গুৱাহাটীৰ বাসিন্দা হ'ল সেই কথা কৈছিল সেইদিনা। পুত্ৰ-বোৱাৰীয়ে তেওঁক নিৰ্যাতন চলোৱা কথা কৈছিল। তেজপুৰৰ ফালে ঘৰ বুলি কৈছিল যদিও সকলোখিনি খুলি কোৱা নাছিল তেওঁ। লগতে জনাইছিল দীৰ্ঘদিন ধৰি তেওঁ অসুস্থ হৈ আছে। গোটা খাদ্য খাব নোৱাৰে। জুলীয়া খাদ্য নাম মাত্ৰ তেওঁ খায়। আইতাগৰাকীক হীৰকজ্যোতিয়ে সুধিছিল- 'ইমান কষ্ট কৰি থকাতকৈ আপুনি বৃদ্ধাশ্ৰমলৈ যাব নেকি?' প্ৰথমে আইতাগৰাকীয়ে ইচ্ছা কৰা নাছিল। হয়তো মনে মনে ভাবিছিল কেইটানো দিন থাকিব জীয়াই।

পাণবজাৰ থানাৰ পৰা 'মাদাৰ অল্ড এজ হোম'ৰ কৰ্মকৰ্তাই গ্ৰহণ কৰা মুহূৰ্তত…
পাণবজাৰ থানাৰ পৰা 'মাদাৰ অল্ড এজ হোম'ৰ কৰ্মকৰ্তাই গ্ৰহণ কৰা মুহূৰ্তত…

বহু বুজনিৰ পাছত আইতাগৰাকীয়ে সন্মতি দিছিল। তেওঁক প্ৰথমে লৈ যোৱা হৈছিল পাণবজাৰ মহিলা আৰক্ষী থানালৈ। মাদাৰ অল্ড এজ হোমলৈ পূৰ্বতে হীৰকজ্যোতি কেবাবাৰো গৈছিল। সেয়েহে এইখন বৃদ্ধাশ্ৰমৰ সৈতে যোগাযোগ কৰিলে। তাৰ পাছৰ পৰাই মাদাৰ অল্ড এজ হোমৰ বাসিন্দা হ'ল এই আইতাগৰাকী।

তেতিয়াৰ পৰাই তেওঁ এই বৃদ্ধাশ্ৰমৰ বাসিন্দা হৈ পৰিছিল। উৎপল আৰু মণিকাই চোৱা-চিতা কৰিছিল বৃদ্ধাগৰাকীক। বেছিভাগ সময় বিছনাতেই পৰি থাকে তেওঁ। স্বাস্থ্য তেওঁৰ ভালে নাছিল। এফালে দেহাই নাটানে। আনফালে নাটানে মনে। জীৱনত তেওঁৰ নিজৰ বুলিবলৈ একোৱেই নাছিল। কথাবোৰ তেওঁ কাকো খুলি কোৱা নাছিল।বৃদ্ধাশ্ৰমখন পৰিচালনা কৰা উৎপলক কৈছিল কিছু কথা। তেজপুৰৰ জিনজিয়াৰ ফালে তেওঁৰ ঘৰ।

হঠাৎ অসুস্থ হৈ পৰিছিল এইগৰাকী আইতা। অনিতা শীল নামৰ এই পৰিয়ালৰ পৰা বিচ্ছিন্ন আইতাগৰাকীৰ চিকিৎসা ব্যৱস্থা কৰিছিল যদিও তেওঁৰ মৃত্যু হ'ল। পৰিয়ালৰ কোনো সদস্যই তেওঁৰ সৈতে যোগাযোগ ৰখা নাছিল। মাজতে এবাৰ এগৰাকী চিনাকি লোক আহিছিল। তেওঁৰ সৈতে যোগাযোগ কৰি গাঁৱৰ ঘৰত এই খবৰ দিয়া হৈছিল। দূৰ সম্পৰ্কীয় লোকসকলে জনালে- বহুদিন ধৰি তেওঁৰ সৈতে যোগাযোগ নাই। এতিয়া আৰু মৃত্যুৰ খবৰ শুনি কেনেকৈ তেওঁলোক আহে গুৱাহাটীলৈ। এক প্ৰকাৰৰ অনীহা।

হীৰকজ্যোতিয়েও চেষ্টা কৰিছিল সেই আইতাগৰাকীক চিনি পোৱা মহিলাগৰাকীৰ সৈতে যোগাযোগ কৰিবলৈ। একেই খবৰ আহিল। অনিতা শীলক শেষ মুহূৰ্তত চাবৰ বাবেও মানুহৰ অভাৱ হ'ল। নশ্বৰ দেহটো চাবলৈও কোনো এজন নোলাল।কি দুৰ্ভগীয়া এই জীৱন। দুৰ্ভাগ্যৰ মাজতেই যেন ৰৈ থাকে সৌভাগ্য।

দেওবাৰে মৃত্যু হোৱা অনিতা শীলৰ নশ্বৰদেহ নিয়ম অনুসৰি নিয়া হৈছিল নুনমাটি থানালৈ। কিয়নো তেওঁৰ পৰিয়াল বুলিবলৈ কোনো নাছিল। তাৰপাছত সোমবাৰে পুৱা সম্পূৰ্ণ হ'ল তেওঁৰ মৰণোত্তৰ পৰীক্ষা। ইয়াৰ অন্তত গতাই দিলে অল্ড এজ হোম কৰ্তৃপক্ষক তেওঁৰ নশ্বৰদেহ। কিন্তু কোনে কৰিব তেওঁৰ কৃতকৰ্ম। তেতিয়াই ওলাই আহিল সেই হীৰকজ্যোতি। যিজনে তেওঁক মাদাৰ অল্ড এজ হোমত থৈ গৈছিল।

নৱগ্ৰহত অন্ত্যেষ্টিক্ৰিয়াত হীৰকজ্যোতিয়ে কৰিছে মুখাগ্নি
নৱগ্ৰহত অন্ত্যেষ্টিক্ৰিয়াত হীৰকজ্যোতিয়ে কৰিছে মুখাগ্নি

হীৰকজ্যোতিয়ে এই সিদ্ধান্ত লৈ সম্পন্ন কৰিলে সকলো কৃতকৰ্ম। তেওঁৰ এটাই কথা মনত আছিল- এদিন তেওঁ হীৰকজ্যোতিক ল'ৰা বুলি চিনাকি কৰাই দিছিল। সেই আত্মীয়তাই দায়িত্ববোধলৈ সলনি হ'ল। য'ত মানৱতা হ'ল সংগী। নৱগ্ৰহত কৃতকৰ্ম কৰি কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ হীৰকজ্যোতি ঘৰলৈ উভতি গ'ল। গুৱাহাটী কটন বিশ্ববিদ্যালয়ত পঢ়িবলৈ আহি দীঘলীপুখুৰীৰ এটা ভাড়াঘৰত থাকে সি। এই সকলোখিনি সম্পন্ন কৰাৰ পাছত পিছৰখিনি আনুষ্ঠানিকতাও ধৰ্মীয় নিয়ম অনুসৰি পালন কৰিছে হীৰকজ্যোতিয়ে।

অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰি অহাৰ পাছত ভাড়াঘৰত নীতি-নিয়মৰ মাজত হীৰকজ্যোতি
অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰি অহাৰ পাছত ভাড়াঘৰত নীতি-নিয়মৰ মাজত হীৰকজ্যোতি

এয়া হীৰকজ্যোতি। বগা ধুতি পিন্ধি, ডিঙিত গামোচা লৈ ফ্ল'ৰত বহি আছে। ব্ৰতত আছে হীৰকজ্যোতি। মৃতকৰ বাবে যিধৰণৰ নিয়ম পালন কৰিব লাগে সেই নিয়ম পালন কৰিছে। এজনী অচিন আইতাৰ বাবে কটন বিশ্ববিদ্যালয়ৰ এইজন ছাত্ৰৰ এই ত্যাগ। কোনে কয় অনিতা শীল দুৰ্ভগীয়া বুলি। জীৱিত কালত তেওঁ বহু লাঞ্চনা-বঞ্চনা সহ্য কৰিলে। মৃত্যুৰ পিছত ভাবিছিল তেওঁৰ নশ্বৰদেহ ৰাজপথতে কাউৰী-কুকুৰে খাব। এনে হ'ব নিদিলে হীৰকজ্যোতিয়ে।

এয়াই জীৱন। মৰণ জীৱনৰ সংগী। কোনেও বাধা দিব নোৱাৰে ইয়াক। সুখ-দুখ সকলো ক্ষন্তেকীয়া। মায়াময়ী এই পৃথিৱীত মুহূৰ্ততে ঘটি যায় সকলো। বহু অৰ্থ সম্পন্ন পিতৃ-মাতৃয়েও নিজ সন্তানৰ পৰা নাপাই এনে সন্মান। কিন্তু এইগৰাকী পদপথত ঘূৰি ফুৰা আইতাৰ বাবে শেষ মুহূৰ্তত হ'লেও ঈশ্বৰে চকু মেলি চাইছিল। শেষ মুহূৰ্তত হ'লেও পৰিচয় হোৱা এজন অচিন ল'ৰাই তেওঁৰ বাবে আজি উপবাস খাটিছে, ব্ৰত ৰাখিছে। শ্মশানত গৈ তেওঁৰ নশ্বৰদেহ সৎকাৰ কৰিছে, চিতাত মুখাগ্নি দিছে।

এয়াই যেন মানৱতা। অনিতা শীল গুচি গ'ল। ৰৈ গ'ল এক উদাহৰণ। সম্পৰ্কহীন ভাবেও মানুহে মানুহৰ বাবে বহু কাম কৰিব পাৰে। ইয়াৰ বাবে লাগে কেৱল এটা সংস্কাৰশীল মন। এয়া প্ৰমাণ কৰিলে কটনৰ হীৰকজ্যোতিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in