আই পি এল আৰম্ভ হোৱাৰ পূৰ্বেই কে এল ৰাহুল, হাৰ্দিক পাণ্ডিয়াৰ অভিলেখ….

আই পি এল আৰম্ভ হোৱাৰ পূৰ্বেই কে এল ৰাহুল, হাৰ্দিক পাণ্ডিয়াৰ অভিলেখ….

ডিজিটেল ডেস্কঃ আই পি এলৰ ইতিহাসত আন এক অভিলেখৰ গৰাকী হ'ল কে এল ৰাহুল। পূৰ্বৰ পঞ্জাৱ কিংছৰ অধিনায়কগৰাকীয়ে ২০২২ ছিজনৰ আই পি এল আৰম্ভ হোৱাৰ পূৰ্বেই এক বিশেষ অভিলেখৰ গৰাকী হ'ল। আই পি এলত সবাটোকৈ অধিক মূল্যৰ খেলুৱৈ হোৱাৰ কৃতিত্ব অৰ্জন কৰিলে ৰাহুলে।

আই পি এলৰ নতুন ফ্ৰেঞ্চাইজি লক্ষ্ণৌৱে কে এল ৰাহুলক ১৭ কোটি টকাৰ বিনিময়ত ক্ৰয় কৰিছে। নতুন ফ্ৰেঞ্চাইজিটোৱে ৰাহুলৰ ওপৰতে অৰ্পণ কৰিছে দলটোৰ অধিনায়কৰ দায়িত্ব। পঞ্জাৱ কিংছৰ অধিনায়ক হিপাচে আই পি এলত ইতিমধ্যে অভিজ্ঞতা সঞ্চয় কৰিছে ৰাহুলে। অৱশ্যে ৰাহুলৰ নেতৃত্বত পঞ্জাৱে প্লে' অফত প্ৰৱেশ কৰিবলৈ ব্যৰ্থ হৈছিল যদিও দলটোৰ প্ৰদৰ্শন আছিল অতি উন্নত। দলটোৰ উপৰিও ৰাহুলৰ ব্যক্তিগত প্ৰদৰ্শনো আছিল অতি ঈৰ্ষণীয়।

ৰাহুলৰ উপৰিও লক্ষ্ণৌৱে অষ্ট্ৰেলিয়াৰ অলৰাউণ্ডাৰ মাৰ্কাছ ষ্টইনিছক ৯.২ কোটি আৰু ভাৰতীয় আনকেপড প্লেয়াৰ ৰবি বিষ্ণইক ৪ কোটি টকাৰ বিনিময়ত ক্ৰয় কৰিছে। দুয়োগৰাকী ক্ৰিকেটাৰে পঞ্জাৱ কিংছৰ হৈ উন্নত প্ৰদৰ্শন আগবঢ়াইছিল।

আনহাতে আই পি এলৰ আন এটা নতুন ফ্ৰেঞ্চাইজি আহমেদাবাদেও দলটোৰ অধিনায়কৰ লগতে আন দুজন খেলুৱৈৰ নাম ঘোষণা কৰিছে। দলটোৱে মুম্বাইৰ পূৰ্বৰ খেলুৱৈ হাৰ্দিক পাণ্ডিয়াক দলটোত ১৫ কোটি টকাৰ বিনিময়ত অন্তৰ্ভুক্ত কৰিছে। পাণ্ডিয়াৰ উপৰিও আফগানিস্তানৰ তাৰকা ক্ৰিকেটাৰ ৰছিদ খানকো ১৫ কোটি টকাৰ বিনিময়ত ক্ৰয় কৰিছে। দলটোৱে পাণ্ডিয়াক অধিনায়কৰ দায়িত্ব অৰ্পণ কৰিছে। এওঁলোক দুজনৰ উপৰিও আহমেদাবাদে শুভমন গিলক ৮ কোটি টকাৰ বিনিময়ত ক্ৰয় কৰিছে।

উল্লেখ্য যে আইপিএলৰ মেগা নিলাম ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় সপ্তাহত অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বেই আই পি এলৰ নতুন ফ্ৰেঞ্চাইজি লক্ষ্ণৌ আৰু আহমেদাবাদক তিনিজনকৈ খেলুৱৈ ইচ্ছানুসৰি নিজ দলত অন্তৰ্ভুক্ত কৰাৰ সুযোগ প্ৰদান কৰিছিল। সেই অনুসৰিয়েই দল দুটাই তিনিজনকৈ খেলুৱৈ নিৰ্বাচিত কৰি দলত অন্তৰ্ভুক্ত কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in