মুখ্য-পৃষ্ঠা

সাৱধান! ব্লু-হোৱেলৰ পিছত এইবাৰ ম’মোক লৈ আতংক

asomiyapratidin

ডিজিটেল ডেস্কঃ ব্লু-হোৱেলৰ পিছত এইবাৰ ডিজিটেল যমদূত হিচাপে দেখা দিছে ম'মোৱে। ইতিমধ্যে বিশ্বৰ ভিন্ন প্ৰান্তত ম'মোৱে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। হোৱাটছএপৰ মাধ্যমেৰে ভিন্ন প্ৰান্তলৈ বিয়পি পৰিছে ম'মোৰ এই আতংক।

পোন-প্ৰথম এই আতংকৰ কথা পোহৰলৈ আহে আৰ্জেণ্টিনাত। দেশখনৰ ৰাজধানী বুয়েনছ আয়াৰ্ছৰ সমীপৰ এখন ঠাইত এগৰাকী কিশোৰীয়ে আত্মহত্যা কৰাৰ পিছতে চহৰখনৰ বাসিন্দাসকল শংকিত হৈ পৰে। কিয়নো কিশোৰীগাৰকীৰ আত্মহত্যা কৰাৰ ধৰণ আছিল সুকীয়া।

আত্মহত্যাৰ ধৰণলৈ চাই বহুতেই ইয়াৰ সৈতে ম'মো নামৰ খেলবিধৰ সম্পৰ্ক আছে বুলি শংকা ব্যক্ত কৰিছে। তদন্তকাৰী আৰক্ষীৰ দলেও একেই সন্দেহ ব্যক্ত কৰা পৰিলক্ষিত হৈছে।

ম'মো নামৰ এই খেলবিধ ব্লু হোৱেলৰ দৰেকৈ ভাৰতলৈ যাতে প্ৰসাৰিত হ'ব নোৱাৰে তাৰ বাবে ইতিমধ্যে বিশেষ সতৰ্কতা অৱলম্বন কৰিছে দেশখনৰ ছাইবাৰ বিশেষজ্ঞসকলে। ভাৰতৰ প্ৰধান চহৰসমূহত এনে ধৰণৰ কোনো ঘটনা দৃষ্টিগোচৰ হ'লেই লগে লগে আৰক্ষীক অৱগত কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষই আহ্বান জনাইছে।

বুয়েনছ আয়াৰ্ছত প্ৰকাশিত এটি বাতৰিত কোৱা হৈছে যে, কিশোৰীগৰাকীয়ে মৃত্যুৰ পূৰ্বে এটি ভিডিঅ'ৰ জৰিয়তে পিতৃ-মাতৃ সতৰ্ক হৈ থাকিবলৈ কৈ গৈছে। ১৮ বৰ্ষীয় এজন যুৱকৰ সৈতে কিশোৰীগৰাকীয়ে হোৱাটছএপত বিশেষ লিংক আদান-প্ৰদান কৰাৰ কথাও বাতৰিটোত কোৱা হৈছে।

আৰক্ষীয়ে তালৈ চাই ধাৰণা কৰিছে যে চেলেঞ্জৰ অংশ হিচাপে কিশোৰীগৰাকীক আত্মহত্যা কৰিবলৈ কোৱা হৈছিল। পিতৃ-মাতৃক তেনে কোনো ভিডিঅ' প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়া বুলিও আৰক্ষীয়ে অনুমান কৰিছে। কিয়নো ভিডিঅ'টোত আত্মহত্যাৰ বাবে ম'মো নামৰ গেমবিধকে কৃতিত্ব দিছিল কিশোৰীগৰাকীয়ে।

উল্লেখ্য যে এই ম'মো এতিয়া কেৱল দক্ষিণ আমেৰিকাতে সীমাৱদ্ধ হৈ থকা নাই। মেক্সিকো, আমেৰিকা, ফ্ৰান্স, জাৰ্মানী, স্পেইন আদি দেশতো গেমবিধ ভয়াৱহভাৱে বিয়পি পৰা বুলি খবৰ পোৱা গৈছে। হোৱাটছএপৰ জৰিয়তে দ্ৰুত প্ৰসাৰ ঘটা বাবে ইয়াক ৰোধ কৰাটোও এতিয়া প্ৰায় অসম্ভৱ হৈ পৰিছে।

জানিব পৰা মতে, এই গেমবিধত অভিশাপ প্ৰদানৰ কথাও জড়িত হৈ আছে। গেমৰ ইনষ্ট্ৰাক্টৰে গেমত ভাগ নল'লে অশৰীৰীৰ ভয় দেখুৱাই পৰিয়ালৰ সকলোকে অভিশাপ দিব বুলি ভাবুকি প্ৰদান কৰাৰ কথাও অনুসন্ধানত পোহৰলৈ আহিছে। এই অশৰীৰীৰ প্ৰতীক হিচাপে গেমবিধত ব্যৱহাৰ কৰা হৈছে জাপানী শিল্পী মিদোৰি হায়াছি অংকিত এখন দানৱৰ ছবি।