কাশ্মীৰত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষ, নিহত ২ সন্ত্ৰাসবাদী

কাশ্মীৰত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষ, নিহত ২ সন্ত্ৰাসবাদী

ডিজিটেল ডেস্কঃ জম্মু আৰু কাশ্মীৰৰ ছপোৰ জিলাত নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত ২ সন্ত্ৰাসবাদী নিহত হোৱাৰ খবৰ পোৱা গৈছে। এই ঘটনাত এজন আৰক্ষী আৰু এজন সেনা জোৱানো সামান্য পৰিমাণে আহত হয়।

শুকুৰবাৰে পুৱাৰ ভাগত সন্ত্ৰাসবাদীৰ এটা দলে শ্ৰীনগৰৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ দূৰত্বৰ উক্ত অঞ্চলটোত প্ৰৱেশ কৰাৰ খবৰ লাভ কৰি সেনা আৰু আৰক্ষীৰ এটা যুটীয়া দলে অভিযান চলায়।

সেনা-আৰক্ষীৰ উপস্থিতিৰ উমান পাই সন্ত্ৰাসবাদীৰ দলটোৱে গুলীচালনা কৰাত অভিযানকাৰী দলটোৱেও প্ৰত্যুত্তৰ দিয়ে। ফলত দুজন সন্ত্ৰাসবাদী সদস্য ঘটনাস্থলীতে নিহত হয়।

অৱশ্যে এই পৰ্যন্ত নিহত সন্ত্ৰাসবাদী সদস্য দুজনক চিনাক্ত কৰিব পৰা হোৱা নাই। ইফালে, অঞ্চলটোত সন্ত্ৰাসবাদী দলটোৰ বাকীসকল সদস্যই আত্মগোপন কৰি থকাৰ আশংকা কৰি নিৰাপত্তাৰক্ষীয়ে অভিযান অধিক তীব্ৰতৰ কৰি তুলিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in