মঙলবাৰে ৰাজ্যসভাত উত্থাপিত হ’ব এছপিজি(সংশোধনী) বিধেয়ক, পূৰ্বে এটা পৰিয়ালৰ কথা চিন্তা কৰা হৈছিলঃ গৃহমন্ত্ৰী অমিত শ্বাহ

ফাইল ফটো
ফাইল ফটো
  • মঙলবাৰে ৰাজ্যসভাত উত্থাপন কৰা হ'ব এছপিজি(সংশোধনী) বিধেয়ক।
  • কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উত্থাপন কৰিব বিধেয়কখন।
  • লোকসভাত ২৭ নৱেম্বৰত গৃহীত হৈছিল বিধেয়কখন।
  • উক্ত দিনা লোকসভাৰ পৰা কংগ্ৰেছ সাংসদসকলে ৱাক আউত কৰিছিল।
  • কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে জানিবলৈ দিয়া অনুসৰি এই বিধেয়কখনৰ দ্বাৰা প্ৰধানমন্ত্ৰীৰ লগতে তেওঁৰ বাসগৃহত থকা পৰিয়ালৰ লোকসকলে নিৰাপত্তা পাব।
  • তেওঁ লগতে কংগ্ৰেছৰ প্ৰতিবাদ নস্যাৎ কৰি গান্ধী পৰিয়ালক কটাক্ষ কৰি কয়, পূৰ্বে এটা পৰিয়ালৰ কথা চিন্তা কৰা হৈছিল।
  • লগতে তেওঁ কয়, আইন অনুসৰিয়ে গান্ধী পৰিয়ালৰ নিৰাপত্তা ব্যৱস্থা সলনি কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in