দিল্লীত কাৰ চৰকাৰ! বিজেপি নেত্ৰীয়ে ক’লে, ‘এগজিট প’ল এগজেক্ট প’ল নহয়’

দিল্লীত কাৰ চৰকাৰ! বিজেপি নেত্ৰীয়ে ক’লে, ‘এগজিট প’ল এগজেক্ট প’ল নহয়’

ডিজিটেল ডেস্কঃ দিল্লী বিধানসভা নিৰ্বাচনক লৈ বিভিন্ন সংস্থা তথা ৰাষ্ট্ৰীয় সংবাদমাধ্যমে প্ৰকাশ কৰা এগজিট প'লক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিভিন্ন বিজেপি নেতাই। দলটোৰ নেত্ৰী মীনাক্ষী লেখীয়ে এগজিট প'লক এগজেক্ট প'ল নহয় বুলি মন্তব্য কৰিছে। তেওঁ কৈছে, 'এগজিট প'লৰ এতিয়া একো অংক নাই। তথ্যসমূহো সংগ্ৰহ কৰা হৈছে আবেলিৰ ৪-৫ বজা লৈকেহে। পূৰ্বৰ দৰেই ভুল হ'ব এগজিট প'লসমূহ।'

উল্লেখ্য যে, দিল্লীৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ সম্পন্ন হোৱাৰ পিছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে দিল্লীত বৈঠকত বহিছিল ৰাজ্যখনৰ বিজেপি সাংসদ সকলৰ লগতে আন নেতাসকল। তাৰ পিছতে বৈঠকত এগজিট প'লৰ কথা আলোচনা হোৱা বুলি কৈ এনেদৰে কয় লেখীয়ে। তেওঁ দিল্লীত বিজেপি জয়ী হ'ব বুলি আত্মবিশ্বাসৰ সৈতে লগতে কয়, 'আমাৰ ভোটাৰসকল সন্ধিয়া পলমকৈও আহি ভোটাধিকাৰ সাব্যস্ত কৰিছিল।'

উল্লেখ্য যে, শনিবাৰে ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ পিছতে প্ৰকাশ পোৱা এগজিট প'লসমূহত আম আদমি পাৰ্টি জয়ী হোৱাৰ কথা প্ৰকাশ পাইছিল। ২০১৫ চনত ৬৭ খন আসন পোৱা দলটোৱে ৫৬ খন আসন লাভ কৰিব বুলি প্ৰকাশ পাইছিল এগজিট প'লত। মুঠ ৭০ আসন থকা ৰাজ্যখনত ৩৬ খন আসন লাভ কৰিলেই এটা দলে চৰকাৰ গঠন কৰিব পাৰিব।

দিল্লীত বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিল ৭০ গৰাকী কেন্দ্ৰীয় মন্ত্ৰী, ২৭০ গৰাকী সাংসদ আৰু কেবাগৰাকী মুখ্যমন্ত্ৰীয়ে। ৪০ গৰাকীকে ষ্টাৰ কেম্পেইনাৰৰ নাম তালিকাও প্ৰকাশ কৰিছিল দলটোৱে। প্ৰচাৰ চলোৱাৰ লগতে বস্তি এলেকাত ভোটাৰসকলৰ সৈতে নিশা কটাইছিল কেবাগৰাকী ষ্টাৰ কেম্পেইনাৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in