‘মই ভয় দেখুওৱা নাই, কিন্তু আগৰ পৰাই মনত ভয় থাকিলে কি কৰিব পাৰি’- লোকসভাত কাক এনেদৰে ক’লে গৃহমন্ত্ৰী অমিত শ্বাহে… চাওঁক VIDEO

‘মই ভয় দেখুওৱা নাই, কিন্তু আগৰ পৰাই মনত ভয় থাকিলে কি কৰিব পাৰি’- লোকসভাত কাক এনেদৰে ক’লে গৃহমন্ত্ৰী অমিত শ্বাহে… চাওঁক VIDEO

ডিজিটেল ডেস্কঃ সোমবাৰে লোকসভাত এন আই এ সংশোধন বিধেয়ক সন্দৰ্ভত আলোচনা চলি সময়তেই সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু এ আই এম আই এম নেতা অছাদুদ্দিন ওৱেছীৰ মাজত সৃষ্টি হয় তৰ্ক-বিতৰ্কৰ। ওৱেছীয়ে গৃহমন্ত্ৰী শ্বাহক উদ্দেশ্যি কয়- 'আপুনি গৃহমন্ত্ৰী হ'ল বুলি ভয় দেখুৱাবলৈ চেষ্টা নকৰিব।' আৰু তাৰপাছত গৃহমন্ত্ৰী মন্ত্ৰী অমিত শ্বাহেত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়- 'ভয় দেখুওৱা নাই, কিন্তু মনৰ ভিতৰত ভয় থাকিলে কি কৰিব পাৰি?'

ৰাষ্ট্ৰীয় অন্বেষণ অধিকৰণ (সংশোধন) বিধেয়ক-২০১৯ক লৈ হোৱা এই আলোচনাত বিজেপি নেতা সত্যপাল সিঙে কয় যে, হায়দৰাবাদত এজন আৰক্ষী বিষয়াক এজন নেতাই এজন অভিযুক্তৰ বিৰুদ্ধে তদন্ত কৰাত বাধা প্ৰদান কৰিছিল। আৰু কৈছিল যে যদি তদন্ত আগবঢ়াই তেন্তে আৰক্ষী বিষয়াজনৰ বিপদ হ'ব।

ইয়াৰ পাছত এাইএমআইএম নেতা ওৱেছীয়ে নিজৰ স্থানত থিয় হৈ কয়- বিজেপিৰ সদস্যই যি ব্যক্তিগত বিষয়ৰ আৰু যিজন লোকৰ কথা উল্লেখ কৰিছে তেওঁ ইয়াত উপস্থিতেই নাই। বিজেপি সদস্যসকলে ইয়াৰ প্ৰমাণ সদনলৈ আনিব পাৰিবনে?

ইফালে, গৃহ মন্ত্ৰী অমিত শ্বাহে ওৱেছীক উদ্দেশ্যি কয়- 'যেতিয়া দ্ৰমুকৰ সদস্য এ ৰাজাই কথা কয় আছিল, তেতিয়া ওৱেছীয়ে কিয় বাধা দিয়া নাছিল? কিন্তু বিজেপিৰ সদস্যসকলহে কিয় বাধা প্ৰদান কৰি আছে তেওঁ?' আৰু ইয়াৰ উত্তৰত ওৱেছীয়ে কয় যে- 'আপুনি গৃহ মন্ত্ৰী হ'ল বুলিয়েই মোক ভয় নেদেখুৱাব। মই ভয় নকৰো।' তাৰপাছত গৃহ মন্ত্ৰীগৰাকীয়ে ইয়াক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়- 'শুনাৰ অভ্যাস কৰক অৱেছী চাহাব, এনেদৰে নচলিব।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in