শেহতীয়া খবৰ
ঢকুৱাখনাৰ লেচেৰা পথাৰত নৌ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা ৬ শিক্ষাৰ্থীৰ...  •  'গাধৰ দৰে কাম কৰিছে APCC য়ে'- সভাপতিৰ ঘোষণাৰ পিছতে বিস্ফোৰণ প্ৰাক্তন মন্ত্ৰী নীলমণিৰ  •  পুত্ৰৰ প্ৰহাৰত প্ৰাণ গ'ল ৯০ বছৰীয়া পিতৃৰ...  •  ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপক গোপাল চন্দ্র মালাকাৰক গ্রেপ্তাৰ...  •  সময়মতে মথাউৰি নিৰ্মাণ নকৰাৰ বাবেই ভয়াৱহ ৰূপ ধাৰণ কৰিছে বান পানীয়ে- ৰিপুন বৰা...  •  প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাক বহিষ্কাৰ...  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...

প্ৰতিগৰাকী ভাৰতীয়ই চাব লাগে ‘দ্য়া কাশ্মীৰ ফাইলচ’: আমিৰ খান

ডিজিটেল ডেস্ক: ‘দ্যা কাশ্মীৰ ফাইলচ’। মুক্তিলাভৰ পৰাই চৰ্চাত থকা এখন ছবি। এই ছবিখনৰ মুক্তিৰ পাছতেই বিভিন্ন জনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। এইবাৰ ছবিখনৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে বলিউড অভিনেতা আমিৰ খানে।

এই সন্দৰ্ভত আমিৰ খানে কয় যে তেওঁ এতিয়ালকৈ ছবিখন চোৱা নাই কিন্তু অতি সোনকালেই চাব। তেওঁ কয় যে ”এয়া আমাৰ ইতিহাসৰ এনে এক অংশ যিয়ে আমাক দুখ দিয়ে।কাশ্মীৰত পণ্ডিত সকলৰ লগত যি হৈছিল সেয়া অত্যন্ত দুখজনক।এনেকুৱা এটা বিষয় বস্তুৰ ওপৰত ছবিখন নিৰ্মাণ হৈছে যে প্ৰতিগৰাকী ভাৰতীয়ই এই ছবিখন চাব লাগে আৰু মনত কৰিব লাগে যে যেতিয়া কাৰোবাৰ ওপৰত অত্যাচাৰ হয় তেন্তে তেওঁৰ ওপৰত কি প্ৰত্যাহ্বান আহি পৰে”।

খানে লগতে কয় যে যি সকল লোকে মানবীয়তাৰ ওপৰত বিশ্বাস ৰাখে তেনে প্ৰতিগৰাকী লোকৰ হৃদয় চুইছে এই ছবিখনে। মই এই ছবিখন নিশ্চয় চাম। মই সুখী যে ছবিখনে সফালতা লাভ কৰিছে।