নামাজৰ নামত পথ অৱৰোধ কৰা প্ৰসংগত মৌন কিয় আমিৰ খান? প্ৰশ্ন বিজেপি নেতাৰ…

নামাজৰ নামত পথ অৱৰোধ কৰা প্ৰসংগত মৌন কিয় আমিৰ খান? প্ৰশ্ন বিজেপি নেতাৰ…

ডিজিটেল ডেস্কঃ ড্ৰাগছকে ধৰি বিভিন্ন বিতৰ্কিত কাম-কাজেৰে শেহতীয়াকৈ সংবাদ শীৰ্ষত আছে বলিউড। বলিউডৰ কেইবাজনো অভিনেতা, অভিনেত্ৰী বিতৰ্কিত কাম-কাজেৰে আৰক্ষীৰ ৰোষত পৰিছে।এইবাৰ আন এজন বলিউড অভিনেতা সোমাই পৰিছে বিতৰ্কত। চি আই এ টি টায়াৰৰ এটা বিজ্ঞাপনক কেন্দ্ৰ কৰি সৃষ্টি হৈছে বিতৰ্ক।

বলিউড আভিনেতা আমিৰ খানে চি আই এ টি টায়াৰৰ এটা বিজ্ঞাপনত অংশলৈ দিপাৱলীৰ সময়ছোৱাত পথত ফটকা নিক্ষেপ নকৰিবলৈ পৰামৰ্শ আগবঢ়াইছিল। বিজ্ঞাপনত আগবঢ়োৱা এই পৰমাৰ্শই এতিয়া সূত্ৰপাত কৰিছে বিতৰ্কৰ। আমিৰৰ এই পৰামৰ্শক উভতি ধৰিছে বিজেপিৰ এজন সাংসদে। তেওঁ এই বিজ্ঞাপনৰ আপত্তি কৰিছে।

বিজেপি সাংসদ অনন্ত কুমাৰ হেগড়েয়ে এই বিজ্ঞাপনত আপত্তি জনাই কৈছে, মছজিদৰ পৰা ওলোৱা নামাজ আৰু শব্দ, পথ অৱৰোধ কৰাৰ সমস্যাও সমাধান কৰিব লাগে। তেওঁ চি ই এ টি কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া অনন্ত বৰ্ধন গোয়েঙ্কালৈ পত্ৰ লিখি এই বিজ্ঞাপনে হিন্দুৰ ধৰ্মীয় বিশ্বাসত আঘাট হনাৰ লগতে ক্ৰোধিত কৰি তুলিছে বুলি উল্লেখ কৰিছে।

হেগড়েয়ে লিখা পত্ৰত এই বিজ্ঞাপনৰ বিষয় বস্তুক প্ৰথমে সমৰ্থন কৰি কয় যে, এইয়া ভাল চিন্তা। কিন্তু শুকুৰবাৰে নামাজৰ সময়ত আৰু তেওঁলোকৰ অন্যান্য উৎসৱৰ সময়ত মুছলমানসকলে পথত ভিৰ কৰে। ইয়াৰ ফলত সৃষ্টি হয় বহু সমস্যা। এম্বুলেন্সকে ধৰি বিভিন্ন বাহন মুছলমানসকলৰ এই নামাজৰ বাবে পথতে আবদ্ধ হৈ পৰে।

তেওঁ পত্ৰখনত এই বিষয়ে উত্থাপন কৰি কয়, যিহেতু আপুনি সাধাৰণ ৰাইজে সন্মুখীন হোৱা সমস্যাবোৰৰ প্ৰতি অতি সংবেদনশীল আৰু আপুনি হিন্দু সম্প্ৰদায়ৰ ব্যক্তি গতিকে মই নিশ্চিত যে আপুনি শতিকা ধৰি হিন্দুসকলৰ বিৰুদ্ধে বৈষম্য হৈ অহা বিষয়টো অনুভৱ কৰিব পাৰে।

সাংসদ হেগড়েই কয়, আজিকালি 'হিন্দু বিৰোধী অভিনেতা'ৰ এটা দলে সদায় হিন্দুৰ ভাৱনাক আঘাত কৰে। তেওঁলোকে কেতিয়াও তেওঁলোকৰ সম্প্ৰদায়ৰ অন্যায়বোৰ উন্মোচন কৰিবলৈ চেষ্টা নকৰে। সেয়েহে, মই আপোনাক এই বিশেষ ঘটনাটো মন কৰিবলৈ অনুৰোধ জনাইছো, য'ত আপোনাৰ কোম্পানীৰ বিজ্ঞাপনে হিন্দুসকলৰ মাজত অসন্তুষ্টিৰ সৃষ্টি কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in