ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানৰ বিৰুদ্ধে শিৱসাগৰ আমগুৰিৰ ৰাজপথলৈ ওলাই আহিল শতাধিক মহিলা

ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানৰ বিৰুদ্ধে শিৱসাগৰ আমগুৰিৰ ৰাজপথলৈ ওলাই আহিল শতাধিক মহিলা

ডিজিটেল সংবাদ, আমগুৰিঃ ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানসমূহে গ্ৰামাঞ্চলৰ জন সাধাৰণক ৰিজাৰ্ভ বেংকৰ নীতি নীৰ্দেশনা নমনাকৈ ঋণ দি পৰৱৰ্তী সময়ত কিস্তি পৰিশোধৰ নামত উপভোক্তাক হাৰাশাস্তি কৰা কাৰ্য্যৰ বিৰোধিতাৰে শুকুৰবাৰে আমগুৰিৰ ৰাজপথলৈ ওলাই আহিল শতাধিক মহিলা।

উল্লেখযোগ্য যে, ৰাজ্যখনত একাধিক বিত্তীয় প্ৰতিষ্ঠানে উপভোক্তাক ৰিজাৰ্ভ বেংকৰ নীতি নিৰ্দেশনা অমান্য কৰি একেগৰাকী উপভোক্তাক একাধিক ঋণ প্ৰদান কৰি পৰৱৰ্তী সময়ত কিস্তি পৰিশোধ কৰাৰ সময়ত মানসিকভাৱে হাৰাশাস্তি কৰা কাৰ্য্যৰ বিৰোধিতাৰে শতাধিক মহিলাই উত্তাল কৰি তোলে আমগুৰিৰ ৰাজপথ।

অভিযোগ অনুসৰি একাংশ প্ৰতিষ্ঠানৰ কৰ্মচাৰীয়ে মহিলা উপভোক্তাক অশালীন ইংগিতো প্ৰদান কৰি আহিছে। প্ৰতিবাদকাৰী সকলে ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানসমূহক ৰিজাৰ্ভ বেংকৰ নীতি নিৰ্দেশনা অনুসৰি কাম কৰিবলৈ সকিয়নী দি আমগুৰিত এই প্ৰতিবাদ সাব্যস্ত কৰে। লগতে প্ৰতিবাদকাৰী সকলে নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদৰ সময়ত গ্ৰেপ্তাৰ কৰা অখিল গগৈসহ আন কাৰাবন্দী শীঘ্ৰে মুক্তি প্ৰদানৰো দাবী জনায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in